আগন্তুক সময়ত কংগ্ৰেছ আৰু AIUDF দল একত্ৰিত হৈ পৰিলেও বিজেপিৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি দাবী কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে।
আগন্তুক সময়ত কংগ্ৰেছ আৰু AIUDF দল একত্ৰিত হৈ পৰিলেও বিজেপিৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি দাবী কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে।
দীৰ্ঘদিনৰ মূৰত আকৌ মুখ খুলিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। স্বভাৱসুলভ ভাবে শিলাদিত্য দেৱ পুনৰ এবাৰ সৰৱ হৈ পৰে AIUDFৰ বিৰুদ্ধে। শিলাদিত্য দেৱে বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোক কটাক্ষ কৰি কয় যে, 'অসমীয়া মানুহে জানে, এআইইউডিএফ দল বাংলাদেশীৰ পাৰ্টী। বাংলাদেশীমুলৰ মানুহে এআইইউডিএফক সহায় কৰি আছে। AIUDF দল আজমলৰ পইছা ঘটা মেছিন। AIUDFৰ সভাত নাকত ৰুমাললৈ সোমাব লাগে।'
ইফালে আগন্তুক সময়ত কংগ্ৰেছ আৰু AIUDF দল একত্ৰিত হৈ পৰিলেও বিজেপিৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি দাবী কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্যৰ দাবী, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনেই লাভ কৰিব বিজেপিয়ে। ইফালে শেহতীয়াকৈ ভাষিক সংখ্যালঘু উন্নয়ন বিভাগৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰি আনন্দ প্ৰকাশ কৰা দেখা গ'ল প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|