ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বন্যহাতীৰ আক্ৰমণত মহানগৰীত মৃত্যুমুখত পৰিল প্ৰাক্তন সেনা জোৱান। ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ সাতগাওঁ সেনা ছাওনিত। খামলীয়ং খাপ নামৰ সেনা জোৱানজন কৰ্তব্যৰত অৱস্থাতে হাতীৰ আক্ৰমণৰ সন্মুখীন হয় (wild elephant attack in Satgaon Guwahati)।
হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত জোৱানজনক বশিষ্ঠ বেছ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছত মৃত ঘোষণা কৰে চিকিৎসকে। DSG হিচাপে ২২২নং এৰিয়াত কৰ্মৰত আছিল ডিমাপুৰৰ নিৱাসী খামলীয়ং খাপ।
বন্যহস্তীয়ে আক্ৰমণ কৰাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বন্য হাতীয়ে ট্ৰাক বগৰাই দিয়াৰ লগতে সাতগাঁও অঞ্চলৰ ঘৰ, দোকান, গাৰ্ড ৱাল ভাঙি উপদ্ৰৱ চলাই আহিছে, ফলত শংকাত দিন কটাবলগীয়া হৈছে অঞ্চলবাসী। ইয়াৰ মাজতে এই ঘটনা সংঘটিত হোৱাত অঞ্চলটোত পুনৰ আতংকৰ সৃষ্টি হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।