ৰহাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ এগৰাকী প্ৰাক্তন সেনা জোৱানৰ বিৰুদ্ধে। ৰহাৰ বগৰিগুৰীত সংঘটিত হৈছে এই ঘটনা। কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱা সেনা জোৱানজন হৈছে মহেন্দ্ৰ দেউৰী, যি ৫০ৰ ঊৰ্ধ্বৰ প্ৰাক্তন সেনা জোৱান।
কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত গাঁওবাসীয়ে কৰায়ত্ত কৰে মহেন্দ্ৰ দেউৰীক। পিছত ৰহা আৰক্ষীক খবৰ দিয়া হয় আৰু ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ আটক কৰিছে প্ৰাক্তন সেনা জোৱান মহেন্দ্ৰ দেউৰীক। এই সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে উত্তেজনায় পৰিৱেশ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।