‘অসমীয়া খাটিখোৱা ৰাইজৰ তেজ শুহিছে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে’- মৰাণত লুৰিণ জ্যোতি গগৈৰ উদাত্ত ভাষণ

News18 Assam | News18-Assam
Updated:December 5, 2020, 5:22 PM IST
‘অসমীয়া খাটিখোৱা ৰাইজৰ তেজ শুহিছে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে’- মৰাণত লুৰিণ জ্যোতি গগৈৰ উদাত্ত ভাষণ
লুৰিণজ্যোতি গগৈক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে আছুৰ লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে৷

লুৰিণজ্যোতি গগৈক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে আছুৰ লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে৷

  • Share this:
সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈ শনিবাৰে মৰাণত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে আছুৰ লগতে বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি লুৰিণে কয়, ‘বৰ্তমানৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ খাটিখোৱা ৰাইজৰ তেজ শুহি খাইছে ৷’

অসমৰ সমাজ জীৱনত এগৰাকী আপোচবিহীন, স্বাভিমানী জাতীয় যুদ্ধা হৈ থাকিব বিচাৰে লুৰিণজ্যোতি গগৈয়ে ৷ বহুতো নিৰাপদ বিকল্প থকাৰ পাছতো কেৱল ব্যক্তিগত লাভা-লাভ নিবিচাৰি অসমৰ খাটিখোৱা ৰাইজৰ বাবে জটিল পথ নিৰ্বাচন কৰি লৈছে ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিক বিদায় লৈ ঘৰলৈ উভতাৰ পথত আজি মৰাণত এখন বিদায় সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি লুৰিণে পূৰ্বৰ নীতি, আদৰ্শ, দৰ্শন কেতিয়াও লৰচৰ নহয় বুলি মন্তব্য কৰে ৷

বৰ্তমান গণতান্ত্ৰিক পৰিবেশ সম্পূৰ্ণৰূপে ধ্বংস কৰি সাম্প্ৰদায়িক, প্ৰলুভনৰ ৰাজনীতিৰে সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি দিয়া হৈছে বুলি অভিযোগ উত্থাপিত কৰি লুৰিণজ্যোতি গগৈয়ে কয়, ‘আমি ৰাইজক এক সুস্থ ৰাজনৈতিক পৰিবেশ গঢ়ি তোলাৰ বাট দেখুৱাব লাগিব। বিনা পইচাত চাউল খুৱাই ৬০ টকাত আলু খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে চৰকাৰে ৷ নিযুক্তিৰ নামত দুৰ্নীতি, অত্যাধিক মূল্যবৃদ্ধি, খাজনা তিনিগুণ বৃদ্ধিকে ধৰি বিভিন্ন দিশত ৰাইজক ন্যায় প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে ৷ চৰকাৰৰ ষড়যন্ত্ৰ ৰাইজে বুজি পোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে লুৰিণে ৷’

লুৰিণ জ্যোতি গগৈয়ে লগতে কয় যে, বৰ্তমানৰ চৰকাৰে কেৱল মাত্ৰ ভোটকেন্দ্ৰিক ৰাজনীতি কৰিছে, ৰাইজৰ সম্পূৰ্ণ বিপৰীতে স্থিতি গ্ৰহণ কৰিছে ৷ ৰাজহুৱা প্ৰতিষ্ঠান বিক্ৰী কৰিছে, ব্যক্তিগত খণ্ডক গটাই দিছে ৷ মাটি গ'ল, ভেঁটিতো যাবলৈ বাকী ৷ গতিকে অসমৰ ৰাইজে বিজেপি এৰা উচিত বুলি ৰাইজৰ প্ৰতি আহ্বান জনাই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে ৷
Published by: Himangshu Bhuyan
First published: December 5, 2020, 5:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি