অব্যৱহৃত EVM ব্যক্তিগত গুদামলৈ স্থানান্তৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ

তেজপুৰৰ পৰা দেওবাৰে নিশা প্ৰায় ১১ বজাত বলেৰ’ আৰু পিক আপ ভানেৰে আমিনগাঁৱলৈ অনা হৈছিল অব্যৱহৃত EVMকেইটা।

Dulu Medhi | news18assam
Updated:April 29, 2019, 10:44 AM IST
অব্যৱহৃত EVM ব্যক্তিগত গুদামলৈ স্থানান্তৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ
আমিনগাঁৱত EVM টেম্পাৰিঙৰ অভিযোগ
Dulu Medhi | news18assam
Updated: April 29, 2019, 10:44 AM IST
আমিন গাঁৱত EVM টেম্পাৰিঙৰ অভিযোগ। ৰহস্যজনকভাৱে নিশা অব্যৱহৃত EVM ব্যক্তিগত গুদামলৈ স্থানান্তৰ কৰাৰ মহাঅভিযোগ কংগ্ৰেছৰ। তেজপুৰৰ পৰা দেওবাৰে নিশা প্ৰায় ১১ বজাত বলেৰ’ আৰু পিক আপ ভানেৰে আমিনগাঁৱলৈ অনা হৈছিল অব্যৱহৃত EVMকেইটা। ঘটনা সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ। এয়া নীতি বিৰুদ্ধ আখ্যা দি তদন্তৰ আহ্বান কংগ্ৰেছৰ।
কংগ্ৰেছৰ অভিযোগ পত্ৰত উল্লেখ, বিভিন্ন ঠাইৰ পৰা প্ৰেৰণ কৰা অব্যৱহৃত EVM সমূহ আমিনগাঁৱৰ অস্থায়ী ষ্ট্ৰং ৰূমৰ সমীপৰ পৰা ব্যৱসায়ী হিমৎসিংকা কাৰখানালৈ নিশাৰ ভাগত ট্ৰাকেৰে স্থানান্তৰ কৰা হৈছে। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি EVM বা নিৰ্বাচন সম্পৰ্কীয় কোনো সঁজুলিয়েই ব্যক্তিগত স্থানত ৰাখি থোৱাৰ নিয়ম নাই। সেয়ে এই বিষয়টো আয়োগৰ দৃষ্টি আকৰ্ষণৰ বাবে অনুৰোধ কৰিছে কংগ্ৰেছে। পত্ৰখনত কোৱা হৈছে সাধাৰণতে অব্যৱহৃত EVM সমূহ আটাইকেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ভালদৰে পৰীক্ষা কৰাৰ পিছতহে আন ঠাইলৈ প্ৰেৰণ কৰিব পৰা যায়। এনে ধৰণৰ নীতি বৰ্হিভূত  কাম কৰাৰ বাবে কোনে অনুমতি দিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছে। এই সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ ভূমিকাও সন্দেহজনক বুলি কোৱা হৈছে পত্ৰখনত। বিশেষকৈ জন্ম সূত্ৰে শুৱালকুছিৰ এই উপায়ুক্তজনক নিৰ্বাচনৰ সময়ত একেটা সমষ্টিতেই কিয় থাকিবলৈ দিয়া হ'ল বুলিও প্ৰশ্ন কৰিছে প্ৰদেশ কংগ্ৰেছে। ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বাক্ষৰিত পত্ৰখনত এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাও সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰে।
চাওক এই ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি