অথঃ EVM সংবাদ, প্ৰান্তে প্ৰান্তে বিকল EVM

ৰাজ্যৰ বহু ভোটকেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ভোটগ্ৰহণত বিলম্ব। বিভিন্ন কেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হ’ল ভোটাৰ ৰাইজ।

news18assam
Updated:April 23, 2019, 11:13 AM IST
অথঃ EVM সংবাদ, প্ৰান্তে প্ৰান্তে বিকল EVM
ৰাজ্যৰ বহু ভোটকেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ভোটগ্ৰহণত বিলম্ব। বিভিন্ন কেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হ’ল ভোটাৰ ৰাইজ।
news18assam
Updated: April 23, 2019, 11:13 AM IST
ৰাজ্যৰ বহু ভোটকেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ভোটগ্ৰহণত বিলম্ব। বিভিন্ন কেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হ’ল ভোটাৰ ৰাইজ। বৰপেটাৰ হৰিপুৰ-চ’কপাৰা এল পি স্কুল ভোটকেন্দ্ৰত EVM বিকল। বাঘবৰৰ পূব দেউলদি এল পি স্কুলতো EVM বিকল।

গুৱাহাটী সমষ্টিৰ দিছপুৰৰ ২০৭নং ভোটকেন্দ্ৰতো বিকল EVM। বৰসজাই হাইস্কুল ভোটকেন্দ্ৰ, কোকৰাঝাৰৰ ১১৫৪নং ভোটগ্ৰহণ কেন্দ্ৰ, মধ্য চেঁচাপানী এল পি স্কুল ভোটকেন্দ্ৰ, নাৰেংগী হাই স্কুল কেন্দ্ৰৰ ৬৫নং কেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ভোটগ্ৰহণত বিলম্ব।

বাক্সা জিলাৰ বৰমাৰ মৈথাবাৰী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, ছাপাগুৰিৰ উজিৰবাৰী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, হাজোৰ কুলহাটী ছোৱালী হাই স্কুল কেন্দ্ৰ, দুধনৈ ছোৱালী হাইস্কুলৰ ১১১ আৰু ১১২নং ভোটকেন্দ্ৰ, কলগাছিয়াৰ ৫৯নং এম ই স্কুলৰ উত্তৰ খণ্ডটো বিকল EVM।

বজালীৰ ভৱানীপুৰৰ এটা ভোটকেন্দ্ৰ, পুঠিমাৰী অম্বিকাগিৰি হাইস্কুল ভোটকেন্দ্ৰ, বৰপেটা চহৰৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ, বৰপেটাৰ সুন্দৰীদিয়া হাইস্কুল কেন্দ্ৰ, মহানগৰীৰ এয়াৰ ফ’ৰ্চ গে’টৰ বেলোগুৰি, নলবাৰীৰ ২২নং বৰনগৰ বানেকুছি কেন্দ্ৰতো EVM বিকল। মুছলপুৰ জুনিয়ৰ বেচিক স্কুলতো EVM বিসংগতি।

বৰমাৰ ১৩২নং খাৰুৱা এল পি স্কুল, বৰক্ষেত্ৰীৰ ১০৫নং ভোট কেন্দ্ৰ, বৰতলাস্থিত আদৰ্শ ভোটকেন্দ্ৰ, বৰক্ষেত্ৰীৰ ১নং নাৰুৱা গাঁও কেন্দ্ৰ, পাটাছাৰকুছি বিদ্যাপীঠ, নিজ সৰিহ ভোটকেন্দ্ৰ, বঙাইগাঁৱৰ ৰে’লৱে হায়াৰ ছেকেণ্ডাৰী হাইস্কুল, গুৱাহাটীৰ পূব নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়তো EVM বিকল।
আৰু চাওক পৰৱৰ্তী বাতৰি