এইবাৰ মনোৰম দীপৰ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন হ'বই । আগৰ চৰকাৰসমূহে কৰা ঘোষণা ফুটুকাৰ ফেনৰ পৰিণত হৈছিল যদিও এইবেলি ১৪ কোটি টকা ব্যয় সাপেক্ষে সকলো কাৰ্যকৰী ব্যৱস্থা সম্পূৰ্ণ কৰা হ'ব । পৰ্যটন মন্ত্ৰী বিমল বৰাৰ (Minister of Tourism Bimal Bora) নিৰ্দেশত ৰাজহ মন্ত্ৰী যোগেন মোহনে দীপৰ বিলৰ (Deepor Beel) পাৰত উপস্থিত হৈ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে মিলিত হৈ বেদখল সন্দৰ্ভত সকলো তথ্য এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে শীতকালীন বিধানসভা অধিৱেশনৰ (winter assembly session) মজিয়াত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে দীপৰ বিলৰ বেদখল সন্দৰ্ভত কৰা বিভিন্ন প্ৰশ্নত উত্তৰত পৰ্যটন মন্ত্ৰী বিমল বৰাই ১০ দিনৰ ভিতৰত সকলো তথ্য সংগ্ৰহ কৰিব বুলি জানিবলৈ দিছিল।
লগতে ১৪ কোটি টকা ব্যয় সাপেক্ষে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম কৰা হ'ব বুলি মন্তব্য কৰিছিল । এই সকলো কথা কাৰ্যকৰী কৰাৰ বাবে ৰাজহ মন্ত্ৰীগৰাকী দীপৰ বিলৰ পাৰত উপস্থিত হৈ এতিয়া এয়া কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিয়ে । যদিহে দীপৰ বিলৰ সংৰক্ষিত এলেকাত বেদখল হৈছে, তেন্তে শীঘ্ৰেই সকলো উচ্ছেদ (Eviction) কৰি দিয়া হ'ব বুলি যোগেন মোহনে মন্তব্য কৰে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|