শোণিতপুৰৰ বৰছলাত প্ৰশাসনৰ উচ্ছেদ অভিযান, অৰ্ধশতাধিক ঘৰত পৰিল জেচিবিৰ হাতোৰা

চাৰিখনকৈ জেচিবি, ট্ৰেক্টৰ লৈ প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান৷
চাৰিখনকৈ জেচিবি, ট্ৰেক্টৰ লৈ প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান৷
- News18 Assam
- Last Updated: October 21, 2020, 12:44 PM IST
বৰছলাৰ এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি বৃহৎ চৰকাৰী ভূমি বেদখল কৰি গাঁও পাতি বসবাস কৰিছিল একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে৷ অৱশেষত চৰকাৰী ভূমি বেদখল কৰি থকা বেদখলকৃত ভূমিত প্ৰশাসনৰ হাতোৰা পৰিল৷ শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিত চেতিয়া, জিলা দণ্ডাধীশ ৰোহন ঝা, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতো, ঢেকিয়াজুলি আৰু ঠেলামৰাৰ ৰাজহচক্ৰ বিষয়াৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানত বৃহৎ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হয়৷
চাৰিখনকৈ জেচিবি, ট্ৰেক্টৰ লৈ প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান৷ প্ৰশাসনে জানিবলৈ দিয়া মতে, বৰছলাৰ গৰুডুবা, ভৰাশিঙৰী, ধীৰাইমাজুলি আদি অঞ্চলত চৰকাৰী ভূমিত বসবাস কৰা প্ৰায় অৰ্ধ শতাধিক বাসগৃহ জেচিবি-লগাই উচ্ছেদ কৰা হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে দেখা গ'ল যে এই অভিযানত PMAY আঁচনিৰ অধীনত লাভ কৰা চৰকাৰী বাসগৃহও ভাঙি পেলোৱা হ'ল৷ অৰ্থাত বে-দখল কাৰীয়েও বৰছলা সমষ্টিত পাইছিল চৰকাৰী আঁচনিৰ বাসগৃহও৷ যি আজি বে-দখলকাৰীৰ গৃহ বুলি প্ৰমাণিত হ'ল৷