உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাইলাকান্দিত মিজোৰামৰ অবৈধ দখল উচ্ছেদ কৰিলে অসম আৰক্ষীয়ে

    হাইলাকান্দিত মিজোৰামৰ অবৈধ দখল উচ্ছেদ কৰিলে অসম আৰক্ষীয়ে

    বৰ্তমানে গোটেই সীমান্ত এলেকাত চেপা উত্তেজনাই বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ৫০০ৰো অধিক জোৱ‍ান।

    বৰ্তমানে গোটেই সীমান্ত এলেকাত চেপা উত্তেজনাই বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ৫০০ৰো অধিক জোৱ‍ান।

    বৰ্তমানে গোটেই সীমান্ত এলেকাত চেপা উত্তেজনাই বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ৫০০ৰো অধিক জোৱ‍ান।

    • Share this:
    অৱশেষত মিজোৰামৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে অসম আৰক্ষীয়ে।  অসমৰ ভূমিত মিজো লোকে নিৰ্মাণ কৰা কল আৰু তামোলৰ বাগিচাত হাইলাকান্দি আৰক্ষীয়ে চলালে উচ্ছেদ অভিযান। যোৱা নিশাৰ পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ড০ ৰমনদীপ কৌৰৰ নেতৃত্বত এক বিশাল আৰক্ষী আৰু অৰ্ধ সামৰীক বাহিনী সীমান্তৱৰ্তী ধলছেড়া বিলাইপুৰ অঞ্চলত উপস্থিত হৈ চলায় উচ্ছেদ অভিযান।

    ইপিনে, অসম আৰক্ষীৰ উচ্ছেদ অভিযানৰ পিছতে তাতে আহি উপস্থিত হয় মিজো আৰক্ষীৰ এক বিশাল দল। মিজো ৰাইজ আৰু মিজোৰাম আৰক্ষী আহি অসম আৰক্ষীক এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। কিন্তু হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন ঝা আৰু স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ বিবাদ স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁলোকে মিজে‍া আৰক্ষী আৰু মিজো লোকসকলৰ লগত কেইবাঘণ্টা আলোচনা কৰিলেও এতিয়ালৈকে ইয়াৰ কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই।

    বৰ্তমানে গোটেই সীমান্ত এলেকাত চেপা উত্তেজনাই বিৰাজ কৰিছে। মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ৫০০ৰো অধিক জোৱ‍ান। উল্লেখযোগ্য যে যোৱা ১ মাহৰ পৰা হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ বিভিন্ন স্থানত অবৈধ দখল চলাইছিল মিজোৰামে।

    প্ৰথমে জিলাখনৰ কচুৰথল, গুটগুটি আৰু গল্লাছেড়াৰ চলাইছিল আগ্ৰাসনৰ চেষ্টা। আৰু ইয়াৰ পিছতে যোৱা ২৭ জুনত আগ্ৰাসনৰ তথ্য আহিছিলে জিলাখনৰ বিলাইপুৰ অঞ্চলৰ পৰা। সীমান্তৱৰ্তী এই অঞ্চলত কল আৰু তামোলৰ গছ ৰোপণ কৰি অসমৰ প্ৰায় ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভূমি দখল কৰিছিলে মিজোৰামে। লগতে অস্থায়ী পথো নিৰ্মাণ কৰিছিল মিজো লোকসকলে।

    এই ঘটনাৰ খবৰ লাভ কৰি হাইলাকান্দি জিলা বন বিষয়া আৰু জিলাৰ সীমান্ত উপ–আৰক্ষী বিষয়াৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হৈছিল। কিন্তু তাত থকা মিজো লোক আৰু মিজোৰামৰ বন বিষয়াই গছ ৰোপণ কৰা স্থানত অসম আৰক্ষীক উপস্থিত হোৱাত বাধা প্ৰদান কৰিছিল।
    Published by:Sanjay Kumar Das
    First published: