'আগৰ সেই দিন নাই। গতিকে সত্ৰৰ মাটিয়েই হওক বা চৰকাৰী মাটি বা ব্যক্তিগত মাটিয়েই হওক, বেদখল নকৰিব ৷'-নমাটি-মৈৰামাৰা সত্ৰৰ ভূমি বেদখলমুক্ত কৰি এই হুংকাৰ দিলে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।
সত্ৰখনৰ প্ৰায় ২৪ বিঘা ভূমি বেদখলৰ বাবে চেষ্টা চলাই আহিছিল কিছু সংখ্যক সন্দেহজনক লোকে। গতিকে বেদখলমুক্ত কৰি সেইসকল লোকক সাৱধানবাণী শুনাই মন্ত্ৰীগৰাকীয়ে কয় যে, 'সত্ৰৰ মাটি হওক বা চৰকাৰী মাটি বা ব্যক্তিগত মাটি বেদখল নকৰিব ৷ মছজিদ বা গীৰ্জাৰ মাটি বেদখল হ'লেও তৎকালীনভাৱে উচ্ছেদ কৰিব চৰকাৰে ৷ সকলোৱে যাতে ন্যায় লাভ কৰে সেইমতে চৰকাৰে ব্যৱস্থা ল'ব ৷ ভূমিহীন আৰু গৃহহীনসকলে চৰকাৰী নীতি অনুসৰি ভূমি আৰু গৃহ লাভ কৰি আহিছে ৷ ভূমিহীন হ'ল বুলিয়েই সত্ৰ, মছজিদ বা দৰগাহৰ মাটি বেদখল কৰাতো সহ্য কৰা নহ'ব ৷ অবৈধ বেদখল উচ্ছেদৰ বাবে জিলা উপায়ুক্তসকলক ক্ষমতা দিয়া হৈছে ৷'