মুখ্যপৃষ্ঠা »খবৰ »অসম »গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান, আহি আছে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী

গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান, আহি আছে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী

হস্পতিবাৰে ধলপুৰত উচ্ছেদ অভিযানৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘাতৰ ফলত আৰক্ষীৰ লগতে ১১জন লোক আহত হৈছিল।

  • Share this:
গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান। এতিয়াও উচ্ছেদস্থলীত তীব্ৰ উত্তেজনা অব্যাহত আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী। অৰুণাচল প্ৰদেশৰ পৰা আহিব ১১টা কোম্পানী।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ধলপুৰত উচ্ছেদ অভিযানৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘাতৰ ফলত আৰক্ষীৰ লগতে ১১জন লোক আহত হৈছিল। জিএমচিএইচত চিকিৎসাধীন হৈ আছে এইসকল লোক। আৰক্ষীৰ গুলীত নিহত হৈছিল দুজন লোক। উচ্ছেদৰ সময়তে আৰক্ষীলৈ লক্ষ্য কৰি একাংশ প্ৰতিবাদকাৰীয়ে দা–যাঠিৰে আক্ৰমণ চলাবলৈ উদ্যত হৈছিল যাৰ ফলত আৰক্ষীয়ে লাঠিচালনাৰ লগতে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে আজি উচ্ছেদ চলোৱা হ’ব নে নহয় সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

শেহতীয়া বাতৰি