• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলড’জাৰ, যোগীঘোপাত জেহাদী কাৰ্যকলাপ চলোৱা মাদ্ৰাছা উচ্ছেদ!

পুনৰ মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলড’জাৰ, যোগীঘোপাত জেহাদী কাৰ্যকলাপ চলোৱা মাদ্ৰাছা উচ্ছেদ!

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী মুফতি হাফিজুৰ ৰহমান আছিল মাদ্ৰাছাখনৰ শিক্ষক। হাফিজুৰ ৰহমানে মাদ্ৰাছাখনত শিক্ষকৰ ৰূপত থাকি জেহাদী কাৰ্যকলাপ চলোৱাৰ অভিযোগ।

  • Share this:
যোগীঘোপাত মাদ্ৰাছা উচ্ছেদ। যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও কাৰিয়ানা মাদ্ৰাছাখন উচ্ছেদ কৰিলে প্ৰশাসনে। বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে উচ্ছেদ চলোৱা হয় মাদ্ৰাছাখনত।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী মুফতি হাফিজুৰ ৰহমান আছিল মাদ্ৰাছাখনৰ শিক্ষক। হাফিজুৰ ৰহমানে মাদ্ৰাছাখনত শিক্ষকৰ ৰূপত থাকি জেহাদী কাৰ্যকলাপ চলোৱাৰ অভিযোগ। গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী।

নিশা মাদ্ৰাছাখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ খালী কৰে ছাত্ৰাৱাস। ইতিমধ্যে উক্ত মাদ্ৰাছাখনৰ ছাত্রসকল নিজ বাসগৃহলৈ উভতি গৈছে যদিও দুৰণিবটীয়া ১৩জন ছাত্র মাদ্ৰাছাখনৰ এটা স্থানত নিশাটো পাৰ কৰে। উচ্ছেদ অভিযানৰ বাবে ৮খন এক্সেভেটৰ ঘটনাস্থলীত উপস্থিত হৈছে। উচ্ছেদক লৈ অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি