ছিগনেচাৰ আঁচনিৰ অধীনত বজাৰখনত ১০ কোটি টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণ আঁচনিৰ বাবেই বজাৰখনত এনেদৰে চলিল উচ্ছেদ অভিযান৷
ছিগনেচাৰ আঁচনিৰ অধীনত বজাৰখনত ১০ কোটি টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণ আঁচনিৰ বাবেই বজাৰখনত এনেদৰে চলিল উচ্ছেদ অভিযান৷
বৰপেটাৰ (Barpeta) কয়াকুছি বজাৰত বৰপেটা জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি বজাৰৰ ২৪৩টা দোকান গৃহত চলিল এক্সকেভেটৰ৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী, চিআৰপিএফৰ বৃহৎ দল লৈ বজাৰখনত উচ্ছেদ অভিযান চলায় প্ৰশাসনে৷ তিনিখনকৈ এক্সকেভেটৰ লগাই এফালৰ পৰা ভাঙি পেলোৱা হয় বজাৰখনত চৰকাৰী ভূমিত থকা দোকানসমূহ৷
ছিগনেচাৰ আঁচনিৰ অধীনত বজাৰখনত ১০ কোটি টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণ আঁচনিৰ বাবেই বজাৰখনত এনেদৰে চলিল উচ্ছেদ অভিযান৷ বজাৰখনৰ চৰকাৰী ভূমিত ব্যৱসায় চলাই থকা দোকানীসকলক বজাৰৰ মাটি মুকলি কৰি দিবলৈ জিলা প্ৰশাসনে দিয়া নিৰ্দেশ পালন নকৰাৰ বাবেই আজি এক্সকেভেটৰ লগাই বজাৰখনৰ ২৪৩খনকৈ দোকান ভাঙি পেলায় জিলা প্ৰশাসনে৷
ইপিনে, উচ্ছেদ অভিযানৰ মাজতে ৰাইজৰ দল আৰু বাওপন্থী দলৰ দুগৰাকী নেতাক আৰক্ষীয়ে থানালৈ মাতি নি বহুৱাই ৰাখিছে৷ ৰাইজৰ দল আৰু বাওপন্থী দলৰ নেতাদুগৰাকীক আটক কৰা হোৱা নাই যদিও উচ্ছেদ কাৰ্যৰ প্ৰতিবাদৰ ভয়তে এইদৰে নেতা দুগৰাকীক কয়াকুছি থানাত বহুৱাই ৰাখিছে আৰক্ষীয়ে৷ আজিৰ উক্ত উচ্ছেদৰ ঘটনাক লৈ ব্যৱসায়ীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু তেওঁলোকে যাতে বজাৰ গৃহৰ আৱণ্টন লাভ কৰে তাৰ দাবী জনাইছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|