உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Eviction: কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান ! ১০৬ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ মোটায়ন বৃহৎ সংখ্যক আৰক্ষী-CRPF ...

    Eviction: কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান ! ১০৬ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ মোটায়ন বৃহৎ সংখ্যক আৰক্ষী-CRPF ...

    কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান। ১০৬ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ মোটায়ন বৃহৎ সংখ্যক আৰক্ষী-চি আৰ পি এফ বাহিনী।

    কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান। ১০৬ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ মোটায়ন বৃহৎ সংখ্যক আৰক্ষী-চি আৰ পি এফ বাহিনী।

    কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান। ১০৬ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ মোটায়ন বৃহৎ সংখ্যক আৰক্ষী-চি আৰ পি এফ বাহিনী।

    • Share this:
    ৰাজ্যত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ অব্যাহত আছে উচ্ছেদ অভিযান। গৰুখুঁটি আৰু লামডিঙৰ পিছত এইবাৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ দুদু কলনীত আজি আৰক্ষী বাহিনীৰ উপস্থিতিত চলোৱা হৈছে উচ্ছেদ অভিযান।

    উচ্ছেদৰ সময়ত কোনোধৰণৰ  যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে  উচ্ছেদস্থলীত জাৰি কৰে ১৪৪ ধাৰা। লগতে অতিৰিক্ত বাবে  নিয়োজিত কৰা হয় আৰক্ষী,ৰাজহ বিভাগ, বন বিভাগ, অগ্নি নিৰ্বাপক বাহিনীৰ লোক। বৃহৎ সংখ্যক আৰক্ষী আৰু  অৰ্ধ-সামৰিক বাহিনী মোটায়ন কৰি চলোৱা উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱে চলি থকা দেখা যায়। উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে ১১ খন  JCB ব্যৱহাৰ কৰিছে ।ই ফালে উচ্ছেদ স্থলীত পুৱাই জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জানিব পৰা মতে উক্ত এলেকাৰ চৰকাৰী ভূমিত অবৈধভাৱে  ১৮১ টা পৰিয়ালে বসতি স্থাপন কৰি আছে । ইয়াৰ ভিতৰত ১০৬ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ প্ৰশাসনে চলাইছে  এই অভিযান। অৱশ্যে ইয়াৰে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা সামগ্ৰী লৈ সেই স্থান ত্যাগ কৰিছে । আনহাতে উক্ত উচ্ছেদ  আজি সমাপ্ত নহ'লে কাইলৈ পুনৰ চলাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰিছে জিলা আৰক্ষী অধীক্ষকে।



    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: