
অতি ব্যস্ত পথছোৱাৰ দুয়োকাষে পদপথৰ ব্যৱসায়ীসকলে দোকান খোলাৰ ফলত পথছোৱাত প্ৰায় সৃষ্টি হৈছিল যানজঁটৰ।
অতি ব্যস্ত পথছোৱাৰ দুয়োকাষে পদপথৰ ব্যৱসায়ীসকলে দোকান খোলাৰ ফলত পথছোৱাত প্ৰায় সৃষ্টি হৈছিল যানজঁটৰ।
হোজাইত প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি দুপৰীয়া নতুন বজাৰত উচ্ছেদ চলালে প্ৰশাসনে। পদপথত উচ্ছেদ চলাই বেদখলমুক্ত কৰিছে প্রশাসনে। পদপথত ব্যৱসায় চলোৱা প্ৰতিখন দোকান জেচিবিৰে ভাঙিছে প্ৰশাসনে।
টাউন উপ–পৰিদৰ্শক বদন বৰা আৰু সংলগ্ন চক্ৰ বিষয়া কৃষ্ণ কিশোৰ চহৰীয়াৰ উপস্থিতিত নতুন বজাৰৰ চৰকাৰী চিকিৎসালয়ৰ সন্মুখভাগৰ পদপথত উচ্ছেদ অভিযান চলাই সম্পূৰ্ণ বেদখলমুক্ত কৰে প্ৰশাসনে। উল্লেখযোগ্য যে অতি ব্যস্ত পথছোৱাৰ দুয়োকাষে পদপথৰ ব্যৱসায়ীসকলে দোকান খোলাৰ ফলত পথছোৱাত প্ৰায় সৃষ্টি হৈছিল যানজঁটৰ। ফলত প্ৰশাসনে উচ্ছেদ চলাই যানজঁটৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰে এই ব্যৱস্থা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|