ছিপাঝাৰ গৰুখুটিৰ উচ্চ ন্যায়ালয়ত আবেদন জনোৱা বাবে উচ্ছেদ নচলোৱা ৫০০ বিঘা ভূমিৰ ৬০০টা পৰিয়ালক উচ্ছেদ কৰিব জিলা প্ৰশাসনে।
ছিপাঝাৰ গৰুখুটিৰ উচ্চ ন্যায়ালয়ত আবেদন জনোৱা বাবে উচ্ছেদ নচলোৱা ৫০০ বিঘা ভূমিৰ ৬০০টা পৰিয়ালক উচ্ছেদ কৰিব জিলা প্ৰশাসনে।
দৰং জিলা প্ৰশাসনে পুনৰ ছিপাঝাৰ গৰুখুটিত চলাব উচ্ছেদ অভিযান। যুদ্ধকালীন প্ৰস্তুতিৰে সাজু হৈছে জিলা প্ৰশাসন। হঠাৎ বুধবাৰে আবেলি জিলা উপাযুক্ত কাৰ্যলয়ত জিলা উপায়ুক্ত প্ৰভাতী থাউচেন, ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত পংকজ ডেকা, চক্ৰ বিষয়া, মণ্ডলসকলৰ উপস্থিতত বিশেষ বৈঠকত মিলিত হয় আৰু বৃহস্পতিবাৰে চাৰিটা দলে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ছিপাঝাৰ গৰুখুটিৰ উচ্চ ন্যায়ালয়ত আবেদন জনোৱা বাবে উচ্ছেদ নচলোৱা ৫০০ বিঘা ভূমিৰ ৬০০টা পৰিয়ালক উচ্ছেদ কৰিব জিলা প্ৰশাসনে। উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে বাধা দিয়াৰ কোনো কথা নাছিল যাৰ কাৰণে পুনৰ প্ৰশাসনে হঠাৎ যুদ্ধকালীন প্ৰস্তুতি চলাইছে উচ্ছেদ চলোৱাৰ বাবে। সাত শতাধিক আৰক্ষী সাজু কৰি তোলা হৈছে চাৰিটাকৈ জ'নৰ কাৰণে। দুৰ্গম অঞ্চলসমূহলৈ যন্ত্ৰ চালিত নাও লৈ যাত্ৰা কৰিব আৰক্ষী–প্ৰশাসনৰ লোকসকলে।
ছিপাঝাৰৰ "গৰুখুটি কৃষি প্ৰকল্প" হ’বলগীয়া স্থানত দৰং জিলা প্ৰশাসনে সোমবাৰে কৃষি ভূমি, পৰিয়াল মিলাই ৪৫০০ বিঘা ভূমিত উচ্ছেদ চলাইছিল। আঠ টাকৈ দলে ৭০০ পৰিয়ালক চলাইছিল উচ্ছেদ অভিযান। ১নং ধলপুৰ, ২নং ধলপুৰ, ৩নং ধলপুৰ, ভেটিবজাৰ, নতুন বজাৰ, মলুৱাঘাট আদি অঞ্চলত দৰং জিলা প্ৰশাসনে বৃহৎ কৃষি পথাৰ নিজৰ অধীনলৈ আনিছিল। কিন্তু বহু পৰিয়ালে উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ বাবে জিলা প্ৰশাসনে চলোৱা নাছিল উচ্ছেদ। অৱশেষত আজি সেই পৰিয়ালসমূহক উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰশাসন।
আজি আঠ গৰাকী দণ্ডধীশৰ উপস্থিতিত চাৰিটা জ’নত পৃথকে পৃথকে চলাব উচ্ছেদ অভিযান। ইতিমধ্যে প্ৰায় ১৫খন এক্সকেভেটৰ লগতে বৃহৎ দল সাজু হৈছে উচ্ছেদ চলাবলৈ। আজি ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ২নং ধলপুৰ আৰু ৩নং ধলপুৰ চাৰিটা দলে পৃথকে পৃথকে চলাব উচ্ছেদ অভিযান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|