• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদী কাৰ্যকলাপ চলাৰ প্ৰমাণ লাভৰ পিছতে মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছা উচ্ছেদ, পুৱাই চলিল প্ৰশাসনৰ বুলড’জাৰ

জেহাদী কাৰ্যকলাপ চলাৰ প্ৰমাণ লাভৰ পিছতে মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছা উচ্ছেদ, পুৱাই চলিল প্ৰশাসনৰ বুলড’জাৰ

আনছাৰুল বাংলা টীমৰ সদস্য মুফটি মুস্তাফাই মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই আছিল।

আনছাৰুল বাংলা টীমৰ সদস্য মুফটি মুস্তাফাই মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই আছিল।

আনছাৰুল বাংলা টীমৰ সদস্য মুফটি মুস্তাফাই মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই আছিল।

  • Share this:
মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত উচ্ছেদ। জেহাদীৰ কাৰ্যকলাপ চলাৰ তথ্য–প্ৰমাণ লাভ কৰাৰ পিছতে মাদ্ৰাছাখনত চলিল প্ৰশাসনৰ বুলড’জাৰ। পুৱাই আৰক্ষী প্ৰশাসনৰ বৃহৎ দল এটাই বুলড’জাৰ, এক্সকেভেটৰ লৈ উচ্ছেদ চলালে জমিউল হুদা মাদ্ৰাছাখনত। কেৱল ইমানেই নহয়, মাদ্ৰাছাখনৰ শিক্ষক তথা জেহাদী মুফটি মুস্তাফাৰ ঘৰতো চলাব উচ্ছেদ অভিযান।

উল্লেখ্য, আনছাৰুল বাংলা টীমৰ সদস্য মুফটি মুস্তাফাই মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই আছিল। মাদ্ৰাছাখনৰ বহু ছাত্ৰ–ছাত্ৰীকো জেহাদৰ শিক্ষা দিয়াৰ লগতে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে প্ৰৰোচিত কৰিছিল। ২৮ জুলাইত আৰক্ষীয়ে মুফটি মুস্তাফাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে মাদ্ৰাছাখন ছীল কৰি দিছিল।

মুস্তাফাৰ ম’বাইলত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল জেহাদী আৰু তালিবানী প্ৰশিক্ষণৰ বহু ভিডিঅ’। আৰক্ষীৰ তথ্য মতে, এই মাদ্ৰাছখনত ২০১৯ চনৰ পৰাই বাংলাদেশী জেহাদীৰ অহা–যোৱা আছিল। মুস্তাফাৰ লগতে বৰপেটা, বঙাইগাঁও, গুৱাহাটী আৰু মৰিগাঁৱত ১২জন জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষী অধিক কঠোৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জেহাদী কাৰ্যকলাপ চলোৱা মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে।
Published by:Sanjay Kumar Das
First published: