• Home
  • »
  • News
  • »
  • assam
  • »
  • লামডিঙৰ উচ্চেদিত লোকসকলৰ দুই শতাধিক পৰিয়ালৰ নতুন ঠিকনা ডবকাৰ চাংমাজি গাঁও, নাই খোৱাপানীৰ ব্যৱস্থা, নাই শৌচালয়

লামডিঙৰ উচ্চেদিত লোকসকলৰ দুই শতাধিক পৰিয়ালৰ নতুন ঠিকনা ডবকাৰ চাংমাজি গাঁও, নাই খোৱাপানীৰ ব্যৱস্থা, নাই শৌচালয়

উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনক লৈ সৰৱ হৈ উঠিছে স্থানীয় লোক৷

উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনক লৈ সৰৱ হৈ উঠিছে স্থানীয় লোক৷

উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনক লৈ সৰৱ হৈ উঠিছে স্থানীয় লোক৷

  • Share this:
হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদকাৰ্য হোজাই জিলা প্ৰশাসনে  সুকলমে সম্পন্ন কৰিছিল, তাৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে হোজাই জিলা প্ৰশাসনে৷ উচ্ছেদিত লোকসকলৰ মাজৰে পৰা ২০৪টা পৰিয়ালক অস্থায়ীভাৱে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংমাজি গাঁৱৰ এডোখৰ বিশাল চৰকাৰী ভূমিত সংস্থাপনৰ ব্যৱস্থা কৰিছে হোজাই জিলা প্ৰশাসনে৷

সেইমৰ্মে আজি পুৱাৰে পৰা লামডিং-নখুটিৰ জানজুৰ অস্থায়ী শিবিৰৰ পৰা উচ্ছেদিত লোকসকলৰ সোত বয় ডবকাৰ চামাজি গাঁৱলৈ৷ ইতিমধ্যে প্ৰশাসনৰ লোক উপস্থিত হৈ উচ্চেদিত লোকসকলক মাটিসমূহ চমজাই দিয়াৰ ব্যৱস্থা কৰে৷ এই কালছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷

‘মা মই জুবিনদাক লগ কৰিবলৈ যাওঁ’ – জুবিনক লগ ধৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল টংলাৰ যুৱক!

ইফালে, ধাননি পথাৰৰ মাজত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে যদিও নাই খোৱাপানীৰ ব্যৱস্থা, শৌচাগাৰ তথা ঘৰৰ ব্যৱস্থা৷ অলপতে মাটি ডোখৰৰ পৰা ধান কটাৰ ফলত নৰাসমূহ এতিয়াও কেঁচা হৈ আছে৷ ইয়াৰ মাজতে উচ্ছেদিত লোকসকলক এনেদৰে ভূমি দেখুৱাই নামমাত্ৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় সচেতন লোকসকলৰ লগতে দল–সংগঠনে৷

ইফালে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনক লৈ সৰৱ হৈ উঠিছে স্থানীয় লোক৷ চাংমাজি গাঁৱত বহু ভূমিহীন লোকে বিগত ৪০–৫০ বছৰৰ পৰা চৰকাৰী ভূমি দখল কৰি বসবাস কৰি আছে৷ এই সকলক স্থায়ী সংস্থাপন দিয়াৰ পৰিৱৰ্তে পুনৰ অন্য ঠাইৰ পৰা এইসকল লোকক সংস্থাপনৰ ব্যৱস্থা কৰা কাৰ্যক সহজে মানি ল’ব পৰা নাই স্থানীয় সচেতন লোকে৷

চলন্ত ৰে’লৰ সন্মুখত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ মৃত্যুক সাবটিলে যুৱকে

স্থানীয় লোকৰ মতে, চৰকাৰে অস্থায়ীভাৱে সংস্থাপন কৰিছে সেয়া কৰক, কিন্তু কোনো কাৰণতে যাতে স্থায়ীভাবে এওঁলোকক যংস্থাপন নিদিয়ে তাৰ বাবে প্ৰশাসন  তথা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে খাদ্য সামগ্ৰী, শৌচালয়, খোৱা পানীৰ ব্যাৱস্থা গ্ৰহণ কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায়।
Published by:Sanjay Kumar Das
First published: