• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যিক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চৰকাৰী অনুষ্ঠান জাতীয় সংগীতেৰে আৰম্ভ আৰু সমাপ্ত হ'ব ৰাষ্ট্ৰীয় সংগীতেৰে।

চৰকাৰী অনুষ্ঠান জাতীয় সংগীতেৰে আৰম্ভ আৰু সমাপ্ত হ'ব ৰাষ্ট্ৰীয় সংগীতেৰে।

চৰকাৰী অনুষ্ঠান জাতীয় সংগীতেৰে আৰম্ভ আৰু সমাপ্ত হ'ব ৰাষ্ট্ৰীয় সংগীতেৰে।

  • Share this:
আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অষ্টমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ পুৱা ১০:৩০ৰ পৰা দুপৰীয়া এক বজালৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এলানী গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেটত লোৱা সিদ্ধান্ত লানী একেদিনাই ৰাজহুৱা কৰাৰ সলনি দুদিনত দুখন সংবাদমেল যোগে ৰাজহুৱা কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ এই হিচাপত কেবিনেটৰ শেষত প্ৰথমখন সংবাদমেলত সম্বোধন কৰে কেবিনেট মুখপাত্ৰ মন্ত্ৰী  পীয়ুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু আৰু শক্তি মন্ত্ৰী বিমল বৰাই ৷ লগত উপস্থিত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৷

কেবিনেটৰ সিদ্ধান্ত অনুসৰিঃ

  • এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠান আৰম্ভ হ'ব জাতীয় সংগীত পৰিৱেশনৰে ৷ চৰকাৰী অনুষ্ঠানৰ সমাপ্তি হ'ব ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে ৷

  • চৰকাৰী অনুষ্ঠানত থলুৱা শিপিনীয়ে হাতেৰে বোৱা গামোছা ব্যৱহাৰ হ'ব ৷ চৰকাৰী অনুষ্ঠানত চাহৰ সৈতে আপ্যায়ন হ'ব লাৰু-পিঠাৰ ৷ ইয়াৰ দ্বাৰা থলুৱা আত্মসহায়ক গোটসমূহ উপকৃত হ'ব ৷

  •  দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যুৰ তিথি ২৮ জুলাইত পালিত হ'ব দেশভক্ত দিৱস হিচাপে ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্ট পালিত হ'ব কৰ্মচাৰী দিৱস হিচাপে ৷ 

  • কৰ্মচাৰী দিৱসৰ দিনা প্ৰতিখন জিলাৰ পৰা পাঁচজন চৰকাৰী কৰ্মচাৰীক শ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে আৰু ৰাজ্যিক শ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে দহজনক পুৰস্কৃত কৰা হ'ব।

  • এতিয়াৰে পৰা ৰাজ্যৰ টেট উৰ্ত্তীণ শিক্ষকৰ প্ৰমাণপত্ৰৰ ম্যাদ জীৱনজোৰা হ'ব ৷ অৱশ্যে বয়সৰ ওপৰত নজৰ দি চাকৰিৰ সময়সীমা নিৰূপণ কৰা হ'ব ৷


মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অষ্টমখন কেবিনেটত শক্তি বিভাগৰো আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ শক্তি মন্ত্ৰী বিমল বৰাই সদৰি কৰি ক'লে- “জুলাই মাহলৈকে সকলো চৰকাৰী কৰ্মচাৰীয়ে আদায় দিব লাগিব অনাদায়ী বিদ্যুত বিল ৷   বিদ্যুত বিল আদায় দি সংশ্লিষ্ট বিভাগত জমা দিব লাগিব NOC ৷ তাৰ পিছত সাধাৰণ গ্ৰাহকৰ দৰে জমা দি থাকিব লাগিব নিয়মীয়াকৈ বিদ্যুত মাছুল ৷ নহ'লে সাধাৰণ গ্ৰাহকৰ দৰে বিদ্যুত মাছুল নিদিলে কৰ্তন হ'ব বিদ্যুত সেৱা ৷"
Published by:Himangshu Bhuyan
First published: