• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিতালী দাস বিহীন উৰুঙা ব'হাগ! বিহুৰ বতৰত প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে বিহুগীতৰ ৰাণীক

ভিতালী দাস বিহীন উৰুঙা ব'হাগ! বিহুৰ বতৰত প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে বিহুগীতৰ ৰাণীক

 বিহুৰ এনে মধুৰ সময়ত এতিয়া প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসক।

বিহুৰ এনে মধুৰ সময়ত এতিয়া প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসক।

বিহুৰ এনে মধুৰ সময়ত এতিয়া প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসক।

  • Share this:
ভিতালী বিহীন উৰুঙা ব'হাগ! কোৰোণাত আক্ৰান্ত হৈ যোৱা বছৰ মৃত্যুক সাৱটি লৈছিল বিহুগীতৰ জনপ্ৰিয় গায়িকা ভিতালী দাসে।

আজি গৰু বিহু। আজিৰ পৰাই ৰাজ্যৰ প্ৰায় প্ৰতিখন মঞ্চতে গুঞ্জৰিত হ'ব বিহুনাম। বিহুৰ এনে মধুৰ সময়ত এতিয়া প্ৰতিগৰাকী অসমীয়াই মনত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসক।

৯০ দশকৰ শেষৰ ফালে আৰু ২০০০ চনৰ প্ৰথম ভাগত অসমত পৰম্পৰাগত গীতৰ এক জয়জয় ময়ময় পৰিবেশ আছিল। মাঘৰ বিহুৰ সময়ত প্ৰায় ৫০, ১০০ খন বিহুগীতৰ দৃশ্য শ্ৰব্য কেচেট বজাৰলৈ আহিছিল। আৰু বেছিভাগেই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। সেইসময়ত প্ৰায় প্ৰতিখন বিহুসুৰীয়া গীতৰ কেছেটত কণ্ঠ নিগৰোৱা মহিলা কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম আছিল ভিতালী দাস।

জুবিন গাৰ্গৰ লগতেই প্ৰায় ৩০০০ গীতত কণ্ঠদান কৰিছে ভিতালীয়ে। কেৱল জুবিন গাৰ্গেই নহয়, সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা কৃষ্ণমণি নাথ, অনুপম শইকীয়া, মৌচুম গগৈ, কৃষ্ণমণি চুতীয়াৰ সৈতেও বহু জনপ্ৰিয় গীত উপহাৰ দি থৈ গৈছে ভিতালীয়ে।
Published by:Himangshu Bhuyan
First published: