• Home
  • »
  • News
  • »
  • assam
  • »
  • ২ বছৰত হ'বলগা শ্লুইছ গেট সাত বছৰেও নহ’ল সম্পূৰ্ণ, খীৰতি গাইত পৰিণত লস্কা নদীৰ শ্লুইছ গেট

২ বছৰত হ'বলগা শ্লুইছ গেট সাত বছৰেও নহ’ল সম্পূৰ্ণ, খীৰতি গাইত পৰিণত লস্কা নদীৰ শ্লুইছ গেট

ৰাইজে অভিযোগ কৰা অনুসৰি লস্কা নদীৰ ওপৰত নিৰ্মিত শ্লুইছ গেটৰ নিৰ্মাণ কাৰ্য  ২০১৭ চনতে সম্পূৰ্ণ হৈ উঠিব লাগিছিল ৷ কিন্তু দায়িত্বত থকা অভিযন্তাৰ গাফিলতিৰ বাবেই আজিকোপতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল।

ৰাইজে অভিযোগ কৰা অনুসৰি লস্কা নদীৰ ওপৰত নিৰ্মিত শ্লুইছ গেটৰ নিৰ্মাণ কাৰ্য  ২০১৭ চনতে সম্পূৰ্ণ হৈ উঠিব লাগিছিল ৷ কিন্তু দায়িত্বত থকা অভিযন্তাৰ গাফিলতিৰ বাবেই আজিকোপতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল।

ৰাইজে অভিযোগ কৰা অনুসৰি লস্কা নদীৰ ওপৰত নিৰ্মিত শ্লুইছ গেটৰ নিৰ্মাণ কাৰ্য  ২০১৭ চনতে সম্পূৰ্ণ হৈ উঠিব লাগিছিল ৷ কিন্তু দায়িত্বত থকা অভিযন্তাৰ গাফিলতিৰ বাবেই আজিকোপতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল।

  • Share this:
দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শন কৰা পৰিবৰ্তনকামী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যজুৰি  দূৰ্নীতিৰ বিৰুদ্বে কঠোৰ স্থিতি গ্ৰহণ কৰি  অভিযান অব্যাহত ৰাখিছে যদিও দূৰ্নীতিৰ শিপা এতিয়াও বাঢ়িয়েই আছে ।  চৰকাৰৰ হস্তক্ষেপত আৰক্ষীয়ে দূৰ্নীতিত লিপ্ত বহুতকে  গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰা স্বত্বেও একাংশ‌ই কিন্তু  চৰকাৰক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি  দূৰ্নীতিত হাত উজান দিছে। সেয়া আকৌ এবাৰ প্ৰমাণ হৈছে শেহতীয়াকৈ পোহৰলৈ অহা বিটিচিৰ সদৰ কোকৰাঝাৰ জিলাৰ  চিথিলাৰ লস্কা নদীৰ ওপৰত  নিৰ্মাণ কৰা পাঁচ কোটি টকীয়া শ্লুইছ গেটখনে ৷ যাৰ নিৰ্মাণ কাৰ্য  সাত বছৰ উকলি যোৱাৰ পিচতো সম্পূৰ্ণ নহল । তাৰ পৰিৱৰ্তে উক্ত শ্লুইছগেটখন সংশ্লিষ্ট বিভাগটোৰ অভিযন্তা  আৰু ঠিকাদাৰৰ বাবে খীৰতী গাইত পৰিণত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

আমাৰ হাতত পৰা তথ্য অনুসৰি বছৰি বানৰ তাণ্ডৱ চলোৱা লস্কা নদীত ২০১৪-১৫ চনৰ এআইবিপি আঁচনিৰ অধীনত উক্ত শ্লুইছ গেটৰ নিবিদা যদিও চিলা নাৰ্জাৰী  নামৰ ঠিকাদাৰ এগৰাকীয়ে লাভ কৰিছিল পৰবৰ্তী সময়ত কামটো  কোকৰাঝাৰৰ ছাহিদুল শ্বেখ নামৰ এগৰাকী যুৱকক ছাৱ কনট্ৰেক্ট দিয়ে । ৫ কোটি টকীয়া উক্ত শ্লুইছগেটখনৰ কাম দুবছৰৰ ভিতৰত অৰ্থাৎ ২০১৭ চনৰ ভিতৰত সম্পন্ন কৰিব লাগিছিল যদিও ৰহস্যজনক  কাৰণত আজি ২০২২ চন অৰ্থাৎ সাতটা বছৰ উকলি যোৱাৰ পিচতো সম্পূৰ্ণ নহ'ল । আজি ক্ষেত্ৰভিত্তিক তদন্তত কোকৰাঝাৰৰ সাংবাদিকৰ দল এটাই উক্ত শ্লুইছগেটখনৰ কাম ৪০% শতাংশ হোৱা প্ৰত্যক্ষ কৰে ।

লক্ষণীয় ভাৱে শ্লুইছ গেট নিৰ্মাণৰ বাবদ সংশ্লিষ্ট বিভাগৰ সহকাৰী অভিযন্তাৰ আশীৰ্বাদত ঠিকাদাৰে  ইতিমধ্যে আশী শতাংশ অৰ্থাৎ চাৰি কোটি টকা মোকোলাই নিছে ।   কৃষক ৰাইজক পানী যোগান দিয়াৰ উদ্দেশ্যৰে কোকৰাঝাৰৰ লস্কা নদীত নিৰ্মীয়মান  শ্লুইছগেটখন সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰা মতে বহু বছৰ ধৰি শ্লুইছগেটখন নিৰ্মাণ কৰি থকা হৈছে যদিও আৰম্ভণিৰে পৰা গেটখনৰ গাইড বান্ধ ,চলিং, মথাউৰি, বোৰ্ডাৰ প্ৰটেকচন সকলো আসোঁৱাহ পূৰ্ণ । কেৱল বালি আৰু বল্ডাৰেৰে নিৰ্মাণ কৰা বাবে চলিত বৰ্ষৰ বানে বিস্তৰ ক্ষতি সাধন কৰাই নহয় নদীৰ মাজত দিয়া বান্ধ টো একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিছে ।

আনহাতে ভাওৰাগুড়ি -মনাকষা সংযোগী পথৰ লস্কা নদীৰ দলঙৰ কাষৰ পৰা উক্ত শ্লুইছগেটখনক চাপোৰ্ট দিয়াৰ বাবে নিৰ্মাণ কৰা মথাউৰি টোক লৈ স্থানীয় ৰাইজৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি কৰিছে । এইক্ষেত্ৰত উক্ত মথাউৰি তথা নদীৰ পাৰত অৱস্থিত শ্মশান সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কৃষ্ণ বৰ্মন আৰু সুদোৰাম ৰায়ে অভিযোগ কৰা মতে বৃহত্তৰ চিথিলা এলেকাৰ প্ৰায় ১২-১৩ খন গাঁৱৰ মৃতদেহ উক্ত শ্মশান খনত দাহ কৰা হয় । কিন্তু মথাউৰিটো নিৰ্মানৰ নামত মৃতদেহ দাহ কৰা স্থায়ী চুলাটো ঠিকাদাৰ ছাহিদুল শ্বেখৰ নেতৃত্বত তাৰ পৰা স্থানান্তৰ কৰাত এতিয়া মৃতদেহ দাহ কৰাৰ ক্ষেত্ৰত তথা দহন কাৰ্য সম্পাদন কৰাৰ পিচত হিন্দু ধৰ্মীয় ৰীতি -নীতি পালন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।

আনহাতে উক্ত মথাউৰিটোও সম্প্ৰতি নিৰ্মাণত আসোঁৱাহ ৰৈ যোৱাৰ বাবে মথাউৰিটো জহি খহি যোৱাত শ্মশানখনৰ ভৱিষ্যত লৈ শংকাৰ কাৰণ হৈ পৰিছে । শ্মশান সমিতিয়ে এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ সহকাৰী অভিযন্তাৰ অজয় কুমাৰ কিশোৰক অৱগত কৰিছিল যদিও কোনো ধৰণৰ  গুৰুত্ব আৰোপ নকৰা কাৰ্য‌ই  স্থানীয় ৰাইজক অসন্তুষ্ট কৰিছে ।

জানিব পৰা মতে লস্কা নদীত ২০১৫ চনৰ পৰা নিৰ্মীয়মান উক্ত শ্লুইছগেটখনৰ দায়িত্বত থকা কোকৰাঝাৰৰ পশ্চিম গোসাঁইগাওঁ সংমণ্ডল জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তাৰ  অজয় কুমাৰ কিশোৰক ফোন যোগে লস্কা শ্লুইছগেটখনৰ কামৰ অগ্ৰগতিৰ বিষয়ে জানিব বিচৰাত অভিযন্তা গৰাকীয়ে আশী শতাংশ  কাম সম্পূৰ্ণ হোৱা বুলি দাবী কৰাৰ বিপৰীতে গাঁৱৰ ৰাইজে উক্ত শ্লুইছগেটখন এক ভেকোভাওনাত পৰিণত হোৱা বুলি মন্তব্য কৰে । বিশেষকৈ বছৰ বছৰ ধৰি অৰ্ধনমিত শ্লুইছগেটখনৰ বাবে চকাপাৰা গাঁৱৰ ৰাইজে নতুন সমস্যাৰ মুখামুখি হ'বলগীয়া বুলি কেবাগৰাকী স্থানীয় বাসিন্দাই জানিব দিছে । আনকি তেওঁলোকৰ মতে উক্ত স্থানত  শ্লুইছগেটখনৰ কোনো প্ৰয়োজন নাই বুলিও মত পোষণ কৰিছে ।

অৱশ্যে বৃহত্তৰ চিথিলা অঞ্চলৰ প্ৰায় দুই সহস্ৰাধিক বিঘা মাটি উক্ত শ্লুইছগেটখনৰ জৰিয়তে উপকৃত হ'ব বুলিও জানিব দিছে। কৃষক ৰাইজৰ সমস্যা সমাধানৰ বাবে গুৰুত্ব প্ৰদান নকৰা পশ্চিম গোসাঁইগাঁও সংমণ্ডল জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা অজয় কুমাৰ কিশোৰ বিগত ৩০ বছৰ ধৰি একেটা সংমণ্ডলত কাৰ আশীৰ্বাদত কাৰ্যনিৰ্বাহ কৰি আহিছে সেয়া  ৰাইজৰ বাবে সাথৰ হৈ পৰিছে  । কাৰণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি নিৰ্বাচন কালীন সময়ত কোনো চৰকাৰী কৰ্মচাৰী গৃহ জিলাত বা একে স্থানত  থাকিব নোৱাৰে যদিও এওঁৰ ক্ষেত্ৰত এয়া কেনেকৈ সম্ভৱ সেয়াও এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে । ইয়াৰোপৰি বিগত ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁক মুছলপুৰলৈ বদলিকৰণ কৰা হৈছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহত আকৌ বিষয়াৰ অভাৱৰ অজুহাতত কোকৰাঝাৰ জিলালৈ অনা হৈছে । অৱশ্যে দৰমহা তেওঁ মুছলপুৰৰ পৰাই সংগ্ৰহ কৰিব লাগে ।

সাংবাদিকৰ আগত স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি লস্কা নদীৰ ওপৰত নিৰ্মিত শ্লুইছ গেটৰ নিৰ্মাণ কাৰ্য  ২০১৭ চনতে সম্পূৰ্ণ হৈ উঠিব লাগিছিল ৷ কিন্তু দায়িত্বত থকা অভিযন্তা কিশোৰৰ গাফিলতিৰ বাবেই আজিকোপতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল। স্থানীয় কৃষক ৰাইজে লস্কা নদীৰ শ্লুইছ গেট অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷ কিয়নো লস্কা নদীৰ শ্লুইছ গেট সম্পূৰ্ণ নোহোৱাৰ বাবে  চিথিলা অঞ্চলৰ ৰাইজ আৰু কৃষক ক্ষতিগ্ৰস্ত হৈছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি