২০২৪-২৬ত উজনি অসমত বদৰুদ্দিন আজমলৰ AIUDFয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে শাসকীয় BJP ৷ BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ২০২৬ কি, দুশ-তিনিশ বছৰৰ পিছতো AIUDFৰ সপোন সম্ভৱ নহয় বুলি দাবী কৰিলে ৷ ৰূপজ্যোতিৰ এই দাবীক প্ৰত্যাহ্বান জনাই AIUDFৰ যুৱ বিধায়ক আশ্ৰাফুল হুছেইনে অসমত BJPয়ে বাংলাদেশীক বৰপীৰা পাৰি দিয়াৰ গুৰুতৰ অভিযোগ তোলে ৷
উজনি অসম দখলৰ টাৰ্গেট AIUDFৰ ৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFয়ে অহা অক্টোবৰ-নৱেম্বৰৰ পৰা উজনিত দলীয় সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ কাম আৰম্ভ কৰিব বুলি দুদিন পূৰ্বে সদৰী কৰিছিল বিধায়ক কৰিমুদ্দিন বৰভূঞাই ৷
AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ২০২৪-২৬ত উজনি অসমত AIUDFয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও দাবী কৰিছিল ৷ ইয়াৰ পিছতে এতিয়া সৰৱ হৈ উঠিছে শাসকীয় BJP ৷ BJPৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দাবী- "২০২৪-২৬তে নহয়, দুশ-তিনিশ বছৰতো অসম্ভৱ ৷ বাংলাদেশী মূলৰ মুখ্যমন্ত্ৰী অসমত অসম্ভৱ ৷”
ইমানতে ক্ষান্ত নাথাকিল ৰূপজ্যোতি কুৰ্মী ৷ আশীৰ্বাদ দি ক'লে- "অসমত অসমীয়াই হৈ থাকিব মুখ্যমন্ত্ৰী ৷ মই ৰূপজ্যোতি কুৰ্মীয়ে আশীৰ্বাদ দিছোঁ ৷”
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্যৰ পিছত বহি নাথাকিল AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন ৷ আশ্ৰাফুলে ক'লে- "অসমত বাংলাদেশীক BJPয়ে বৰপীৰা পাৰি দিছে ৷ BJPৰ মুখত এই কথাই শোভা নাপায় ৷”
২০২৪ৰ লোকসভা আৰু ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনলৈ এতিয়াও বহু দিন বাকী ৷ সেয়ে AIUDFৰ জ্যেষ্ঠ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ক'লে- “২০২৬লৈ বহু দূৰ ৷ এতিয়া ৰাজ্যসভাৰ নিৰ্বাচনৰহে সময় ৷ ২০২৬ যেতিয়া বহু দূৰ, দিল্লীলৈও দূৰ ৷ কিন্তু আজমল চাহাব খাটি অসমীয়া; ইয়াত কোনো সন্দেহ নাই ।”
২০২৬ৰ পূৰ্বে কিহৰ অংকত AIUDF আৰু BJPৰ মাজত এই বাক-বিৰ্তকৰ সূচনা হৈছে? ইয়াক ৰাইজে নিশ্চয় বুজিব পাৰিছেই ৷ কিয়নো এতিয়া চলি আছে ৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত টনা-আঁজোৰা ৷ তাতে আকৌ বিৰোধী কংগ্ৰেছ-AIUDFৰ মাজতে চলি আছে বিশ্বাস-অবিশ্বাসৰ ৰাজনীতি ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|