• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্তৰ–পূবৰ প্ৰথমটো জনগোষ্ঠীয় পানীয়লৈ ভৌগোলিক স্বীকৃতি, ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় 'জুডিমা'ই লাভ কৰিলে জি আই টেগ

উত্তৰ–পূবৰ প্ৰথমটো জনগোষ্ঠীয় পানীয়লৈ ভৌগোলিক স্বীকৃতি, ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় 'জুডিমা'ই লাভ কৰিলে জি আই টেগ

অসম কৃষি বিশ্ববিদ্যালয়ে য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত 'ডিমাজিক হাছাও' নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ে য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত 'ডিমাজিক হাছাও' নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ে য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত 'ডিমাজিক হাছাও' নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে।

  • Share this:
ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় 'জুডিমা'ই উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগোলিক স্বীকৃতি লাভ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে দীৰ্ঘদিনৰ গৱেষণা আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত জনোৱা আবেদনৰ ভিত্তিত এই স্বীকৃতি লাভ কৰিছে। থলুৱা চাউলৰ সৈতে একেছীয়া পাতৰ লগতে আৰু বহু ঔষধি উদ্ভিদ তথা বন-বাতৰ সংমিশ্ৰণৰ জৰিয়তে স্বকীয় গুণসম্পন্ন এই জুডিমা নামৰ পানীয়বিধ প্ৰস্তুত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ে য়াডেম নামৰ এটা সংগঠনৰ যুটীয়া সমন্বয়ত 'ডিমাজিক হাছাও' নামৰ এটা মহিলা গোটৰ জৰিয়তে আবেদন জনাই পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পানীয়বিধৰ স্বীকৃতি লাভ কৰে।

ইয়াৰ ফলত এই পানীয়বিধৰ বাবে স্থায়ী ল'গ  অনুমোদিত হোৱাৰ লগতে বিপণনৰ বাবে নিৰ্দিষ্ট অনুমোদন লাভৰ কামখিনি সহজ হৈ পৰিল। উল্লেখযোগ্য যে এই জুডিমা পানীয়বিধ মূলতঃ মহিলাসকলে তৈয়াৰ কৰে। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বিশেষ অঞ্চলত এই একাছিয়া পাত বিশেষভাৱে উপলব্ধ বাবে এই জিলা দুখনৰ মহিলাসকল ইয়াৰ প্ৰস্তুতিৰ লগত জড়িত।

অসম কৃষি বিশ্ববিদ্যালয়ৰ  অধ্যাপক  গৱেষক ড° কিশোৰ কুমাৰ শৰ্মা, ড° গাৰ্গী শৰ্মা আৰু ড° সুবল মাইবঙছাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম বাথাৰিৰ নেতৃত্বত এটা দলে এই পৰম্পৰাগত পানীয়ৰ ওপৰত পদ্ধতিগত পৰ্যবেক্ষণ আৰু গৱেষণা চলাই আবেদন কৰি সফলতা লাভ কৰে। এই বিষয়ে জানিবলৈ দি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে এই পানীয় প্ৰস্তুত কৰাৰ ফলত ব্যৱহাৰ আৰু বিপননৰ দিশত লাভজনক হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৰ লোকসকল উপকৃত হ’ব। লগতে এই পানীয়বিধ প্ৰস্তুতৰ থলুৱা কৌশলবিধ সংৰক্ষিত হোৱাৰ উপৰিও ইয়াৰ বিপননৰ ক্ষেত্ৰত সফল হ’ব পৰা যাব। লগতে এই পানীয়বিধ সকলো সময়তে সমতা ৰক্ষা কৰি প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিপননৰ মাণ ৰক্ষা কৰিব পৰা যাব।

জি আই টেগ লাভ কৰাৰ পিছত এই পানীয়বিধৰ বাণিজ্যিক প্ৰসাৰতাত বিশেষ সহায় হ’ব তথা এই বিশেষ পাণীয়বিধ যে অসমৰে হয় সেই স্বীকৃতি সুৰক্ষিত হৈ ৰ’ব। অৰ্থাৎ এই পাণীয়বিধ ভৱিষ্যতে আন কোনো ঠাইৰ লোকে নিজৰ বুলি দাবী কৰিব নোৱাৰিব। উল্লেখযোগ্য, ইয়াৰ পূৰ্বে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অসমৰ জহা চাউল, চকোৱা চাউল আৰু কাজি নেমুৱে ভৌগলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ অসমৰ কাজিনেমু বিদেশলৈ ৰপ্তানি হৈছে।

"অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা গোটে এই পানীয়বিধৰ ওপৰত কেইবাবছৰ ধৰি গৱেষণা কৰি আছিল। জি আই স্বীকৃতি লাভ কৰাৰ পিছত এই থলুৱা পানীয়বিধৰ প্ৰস্তুতৰ কৌশল সংৰক্ষিত হোৱাৰ লগতে ইয়াৰ পৰা পানীয়বিধৰ বাণিজ্যিক প্ৰসাৰতাৰ ক্ষেত্ৰটো বিশেষ সহায়ক হ'ব।", অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক অশোক কুমাৰ ভট্টাচাৰ্যই এনেদৰে কয়।

জুডিমাৰ জি আই টেগৰ বাবে ২০১৯ চনৰ ৬ জানুৱাৰীত আবেদন কৰা হৈছিল। ডিমা হাচাওৰ ডিমাজিক হচং নামৰ মহিলাসকলৰ এটি অনুষ্ঠানে জুডিমাৰ জি আই টেগৰ বাবে আবেদন কৰিছিল। এইক্ষেত্ৰত সহায় কৰিছিল ডিমা হাচাওৰ য়াদেন নামৰ এটা সন্থাই। অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ থলুৱা সামগ্ৰীসমূহৰ উত্তৰণৰ বাবে এনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। জুডিমাৰ ভৌগোলিক সূচাংক লাভৰ বাবে কেইবাবছৰ ধৰি বহুখিনি গৱেষণা কৰিছিল অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ পিছতে জুডিমাৰ বাণিজ্যিক প্ৰসাৰতাৰ বাবেও বিশেষ উদ্যোগ গ্ৰহণ কৰিব অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ পূৰ্বে অসমৰ পৰম্পৰাগত পানীয় সাজপানীৰ বাণিজ্যিক উৎপাদনৰ বাবে প্ৰযুক্তি তৈয়াৰ কৰি উলিয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে। জুডিমাৰ ক্ষেত্ৰতো তেনে পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়িব বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।
Published by:Sanjay Kumar Das
First published: