আইনৈৰ ভঙা মথাউৰীৰ আধা অংশ বৰ্তমানলৈ উন্মুক্ত হৈ আছে। নিৰ্মিয়মান মথাউৰি অৰ্ধসমাপ্ত হৈ থকাৰ ফলত পূৰ্বৰ তুলনাত অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ শংকা৷
আইনৈৰ ভঙা মথাউৰীৰ আধা অংশ বৰ্তমানলৈ উন্মুক্ত হৈ আছে। নিৰ্মিয়মান মথাউৰি অৰ্ধসমাপ্ত হৈ থকাৰ ফলত পূৰ্বৰ তুলনাত অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ শংকা৷
জল সম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে।এনে সময়তে বঙাইগাঁৱত সম্প্ৰতি ভয় -শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে ৷
বিগত বৰ্ষত বঙাইগাঁৱৰ গৰাইমাৰী পঞ্চায়তৰ কেইবাখনো গাঁৱত আই নৈৰ প্ৰলয়ংকৰী বান -খহনীয়াই তাণ্ডৱ সৃষ্টি কৰাৰ পিছত এইবাৰ বাৰিষা অহাৰ লগে লগে শংকিত হৈ পৰিছে হাজাৰ হাজাৰ লোক ৷ আই নৈৰ ভঙা মথাউৰীৰ আধা অংশ বৰ্তমানলৈ উন্মুক্ত হৈ থকৰ উপৰিও নিৰ্মিয়মান মথাউৰি অৰ্ধসমাপ্ত হৈ থকাৰ ফলত পূৰ্ৱৰ তুলনাত অধিক ভয়ংকৰ পৰিস্থিতিৰ শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷
বিগত বানে ধ্বংস লীলা চলোৱাৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই অঞ্চলটো পৰিদৰ্শন কৰি প্ৰতিৰোধ মুলক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু ৰাইজক আশ্বস্ত কৰিব পৰা ধৰনে বৰ্তমানলৈ অঞ্চলটোত সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ গৃহহীন বহু পৰিয়ালে আজিও পথৰ ওপৰত নতুবা ৰাজহুৱা স্থানত দুৰ্বিসহ জীৱন যাপন কৰি আছে ৷
আগন্তুক বাৰিষাৰ পূৰ্ৱে নৈখন ভেটা দিব পৰাকৈ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে বৃহত্তৰ অঞ্চলটো নৈখনৰ বুকুত নিচিহ্ন হৈ পৰাটো নিশ্চিত হৈ পৰিছে ৷ বৃহত্তৰ অঞ্চলটো ৰক্ষাৰ বাবে বাৰিষাৰ পূৰ্ৱে উপযুক্ত পদক্ষে গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক স্থানীয় ৰাইজে আহ্বান জনাইছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|