খহনীয়াৰ বাবে অঞ্চলটোৰ ডেৰ শতাধিক পৰিয়ালৰ প্ৰতি এতিয়া চৰম ভাবুকি আহি পৰিছে।
খহনীয়াৰ বাবে অঞ্চলটোৰ ডেৰ শতাধিক পৰিয়ালৰ প্ৰতি এতিয়া চৰম ভাবুকি আহি পৰিছে।
বানৰ পিছতে বুঢ়ীদিহিঙৰ ভয়াৱহ খহনীয়াৰ কবলত মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত নিগম-চৰাইহাবি অঞ্চল। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩নং চৰাইহাবি আৰু নদীকিনাৰ নিগম গাঁৱত বিগত ২০ বছৰ ধৰি অব্যাহত থকা বুঢ়ীদিহিঙৰ খহনীয়াত সৰ্বস্বান্ত বহু পৰিয়াল ৷ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওকেইখনৰ প্ৰায় ৩০টা পৰিয়ালৰ মাটি-ভেটি ইতিমধ্যে জাহ গৈছে বুঢ়ীদিহিঙৰ বুকুত৷
৩নং চৰাইহাবি প্ৰাথমিক বিদ্যালয়খনো নদীৰ বুকুত জাহ গ’ল। গাঁওবাসীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ চৰকাৰ-প্ৰশাসনক আবেদন-নিবেদন জনাই আহিছে যদিও কোনো এখন চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ নকৰাত হতাশ হৈ পৰিছে গাঁওবাসী৷ খহনীয়াৰ বাবে অঞ্চলটোৰ ডেৰ শতাধিক পৰিয়ালৰ প্ৰতি এতিয়া চৰম ভাবুকি আহি পৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|