জীয়াভৰলীৰ খহনীয়াই অশনি সংকেত কঢ়িয়াইছে তেজপুৰলৈ

News18 Assam | News18-Assam
Updated:May 29, 2020, 8:56 PM IST
জীয়াভৰলীৰ খহনীয়াই অশনি সংকেত কঢ়িয়াইছে তেজপুৰলৈ
সম্প্ৰতি খালৈবিলত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াৰ কবলত পৰি খালৈবিল প্ৰাথমিক বিদ্যালয়কে ধৰি খালৈবিল মছজিদ পৰ্যন্ত নৈৰ বুকুত জাহ যায়৷

সম্প্ৰতি খালৈবিলত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াৰ কবলত পৰি খালৈবিল প্ৰাথমিক বিদ্যালয়কে ধৰি খালৈবিল মছজিদ পৰ্যন্ত নৈৰ বুকুত জাহ যায়৷

  • Share this:
পুনৰ জীয়াভৰলী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে আৰু তেজপুৰৰ ৪খনকৈ গাঁও৷ ইতিমধ্যে জীয়াভৰলীৰ বুকুত জাহ গৈছে ৰাজগড় পঞ্চায়তৰ অধীনৰ ৬খনকৈ ৰাজহ গাঁও৷ অতি কমেও ১০ হাজাৰ লোক জীয়াভৰলীৰ খহনীয়াত গৃহহীন হ'ল বিগত ৪–৫ বছৰত৷ নৈৰ পাৰত এখন গাঁও থকাৰ ধাৰণাকে মষিমূৰ কৰি পেলালে জীয়াভৰলীৰ কালৰূপী খহনীয়াই৷ মাটি-ভেটি সৰ্বস্ব হেৰুৱাই কিছু লোকে নৈ পাৰতে অস্থায়ীভাৱে চালিঘৰ সাজি থকাৰ বিপৰীতে কিছু সংখ্যক লোক ঢাপলি মেলে চৰ-চাপৰি অঞ্চললৈ৷

সম্প্ৰতি খালৈবিলত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াৰ কবলত পৰি খালৈবিল প্ৰাথমিক বিদ্যালয়কে ধৰি খালৈবিল মছজিদ পৰ্যন্ত নৈৰ বুকুত জাহ যায়৷ সম্প্ৰতি খহনীয়া অব্যাহত থকা স্থানৰ ঠিক বিপৰীত দিশত বান ৰজাই একে ৰাতিতে নিৰ্মাণ কৰা তেজপুৰৰ ইতিহাস বহনকাৰী যি ঐতিহাসিক গড় তথা মথাউৰি আছে, তালৈও প্ৰচণ্ড ভাবুুুুকি কঢ়িয়াই আনিছে৷

বৰ্তমান যি হাৰত খহনীয়া অব্যাহত আছে, সেই হাৰত অব্যাহত থাকিলে ঐতিহাসিক এই মথাউৰি অতি কম দিনৰ ভিতৰতে নিঃচিহ্ন হৈ পৰিব৷ বৰ্তমান ৰাজগড় পঞ্চায়তৰ সভানেত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত তেওঁৰ স্বামীয়ে গাঁওখনৰ একাংশ সচেতন যুৱকক লগত লৈ খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কুপাইনৰ ব্যৱস্থা হাতত লৈছে৷ কিন্তু সকলোৱে মন্ত্ৰীৰ আশ্বাস অনুসৰি বিভাগীয় কামলৈ বাট চাইছে যদিও সেয়া এই পৰ্যন্ত কাৰ্যকৰী হৈ উঠা নাই৷ সেয়ে অস্তিত্ব বিপন্ন হোৱাৰ পূৰ্বেই চৰকাৰ, জিলা প্ৰশাসন তথা মন্ত্ৰী, বিধায়ক, সাংসদৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলবাসীয়ে৷
First published: May 29, 2020, 8:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading