গুমইমাৰা অঞ্চলৰ প্ৰায় ২৫ মিটাৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
গুমইমাৰা অঞ্চলৰ প্ৰায় ২৫ মিটাৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
দক্ষিণ কামৰূপৰ পলাশবাৰীৰ গুইমাৰাত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া। এফালে বান, আনফালে খহনীয়াত হাহাকাৰ নৈপৰীয়া ৰাইজৰ। খবৰ নাই জনপ্ৰতিনিধিৰ তথা পলাশবাৰীৰ বিধায়কৰ। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই গুইমাৰা অঞ্চলৰ ৯০ শতাংশ খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। কিন্তু মথাউৰি নিৰ্মাণ কৰি গুইমাৰা অঞ্চলক ৰক্ষা কৰিবৰ আহৰি নাই জলসম্পদ বিভাগৰ। জলসম্পদ বিভাগে এই খহনীয়া দূৰৈৰ পৰা প্ৰত্যক্ষ কৰিয়েই দায়িত্ব সামৰি আহিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত এইবেলিও গুমইমাৰা অঞ্চলৰ প্ৰায় ২৫ মিটাৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। যথেষ্ট পৰিমাণৰ ক্ষতিসাধন হৈছে স্থানীয় লোকৰ। বানৰ লগে লগে তীব্ৰ খহনীয়াই চিন্তিত কৰিছে স্থানীয় লোকসকলক। কিন্তু খবৰ লবলৈ আহৰি নাই পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|