ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ মথাউৰিত ভয়ংকৰ খহনীয়া

News18 Assam | News18-Assam
Updated:June 28, 2020, 9:22 PM IST
ৰঙিয়াৰ মধুকুছিত পুঠিমাৰী নৈৰ মথাউৰিত ভয়ংকৰ খহনীয়া
অৱশেষত খাৰ পালে জলসম্পদ বিভাগে। ভৰ বাৰিষা আৰম্ভ কৰিলে মথাউৰি মেৰামতিৰ কাম।

অৱশেষত খাৰ পালে জলসম্পদ বিভাগে। ভৰ বাৰিষা আৰম্ভ কৰিলে মথাউৰি মেৰামতিৰ কাম।

  • Share this:
চোৰ গলে বুদ্ধি, বৰষুণ গলে জাঁপি। ঠিক তেনেকুৱাই অৱস্থা হৈছে জলসম্পদ বিভাগৰ। খৰালিৰ সময়ত বহি থাকি ভৰ বাৰিষা আৰম্ভ কৰিছে ৰঙিয়াৰ মধুকুছিৰ মৌতকুছিত পুঠিমাৰী নৈৰ মথাউৰি মেৰামতিৰ কাম। পুঠিমাৰী নৈৰ খহনীয়াই বিপদ নমাই আনিছে বৃহত্তৰ অঞ্চলটোলৈ। নৈখনৰ বাঢ়নী পানীৰ বাবে ঠায়ে ঠায়ে ফাঁট মেলাত যিকোনো মুহূৰ্ততে মথাউৰিটো ভাঙি যোৱাৰ উপক্ৰম হৈছে। যাৰ বাবে আতংকিত হৈ অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছিল। অৱশেষত খাৰ পালে জলসম্পদ বিভাগে। ভৰ বাৰিষা আৰম্ভ কৰিলে মথাউৰি মেৰামতিৰ কাম। বিপজ্জনক হৈ পৰা পুঠিমাৰী নৈৰ মথাউৰি মেৰামতিত ৰাইজেও কৰিলে শ্ৰমদান। মথাউৰিটো বচাবলৈ অপ্ৰাণ চেষ্টা চলাইছে জলসম্পদ বিভাগৰ সহযোগত ৰাইজে। যদিহে এই মথাউৰিটো বানে চিঙি নিয়ে তেন্তে অৰ্ধ শতাধিক গাঁও বানত প্লাৱিত হ’ব। সেয়েহে জলসম্পদ বিভাগক গুৰুত্ব সহকাৰে আৰু দুই এদিনতে মথাউৰিটো মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজে।
First published: June 28, 2020, 9:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading