এফালে কোৰোণাৰ সংক্ৰমণ, আনফালে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ আশংকাত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা বহু পৰিয়ালে। দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামূৰীয়া বৃহত্তৰ আমবাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই ধৰিছে কালৰূপ। তীব্ৰ খহনীয়াৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলটো।
সমগ্ৰ দক্ষিণ কামৰূপত দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিশ্চিহ্ন হৈছে কুৰিতকৈও অধিক গাঁও। কিন্তু ৰজাঘৰীয়াই সময়ে সময়ে কোটি কোটি টকা ব্যয়সাপেক্ষে আঁচনি ৰূপায়ন কৰি আহিছে যদিও সেই আঁচনিসমূহৰ সফল ৰূপায়ন নহয়। যাৰ বাবে ইয়াৰ কুফল ভোগ কৰিবলগা হৈছে নৈপৰীয়া লোকসকলে।
এইবাৰো নৈপৰীয়া আমবাৰীবাসীয়ে প্ৰতিটো দিন পাৰ কৰিছে আতংকত, কটাইছে বিনিদ্ৰ ৰজনী। ৰাইজৰ অভিযোগ, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হ’লে মথাউৰি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰে দিকাদাৰে। কিন্তু প্ৰশ্ন হয় দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামূৰীয়া বৃহত্তৰ আমবাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ এই খহনীয়া ৰোধৰ স্থায়ী সমস্যা সমাধানত গুৰুত্ব দিবনে এইখন চৰকাৰৰ বিভাগীয় মন্ত্ৰী–আমোলাই? নে এনেদৰেই প্ৰতিবছৰে সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হ’ব নৈপৰীয়া পৰিয়ালসমূহে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|