খহনীয়াৰ কবলত ধুবুৰীৰ তামাৰহাটত কেইবাখনো গাঁও, নদীত জাহ গ’ল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি

News18 Assam | News18-Assam
Updated:September 18, 2020, 1:33 PM IST
খহনীয়াৰ কবলত ধুবুৰীৰ তামাৰহাটত কেইবাখনো গাঁও, নদীত জাহ গ’ল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি
বাঘডোকৰাত থকা বাঘডোকৰা বজাৰ, বিদ্যালয়, মন্দিৰ, মছজিদ নদীত জাহ গৈছে।

বাঘডোকৰাত থকা বাঘডোকৰা বজাৰ, বিদ্যালয়, মন্দিৰ, মছজিদ নদীত জাহ গৈছে।

  • News18 Assam
  • Last Updated: September 18, 2020, 1:33 PM IST
  • Share this:
ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ কামানডাঙ্গাত গংগাধৰ নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বাঘডোকৰা, গাৰোপাৰা, জোংবান্দা, জোংবান্দা চৰ, কুকিলাডাঙ্গা, বন্যাগুৰি, গাৰোপাৰা আদি গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী নদীত সম্পূৰ্ণৰূপে জাহ গৈছে।

আনহাতে, বাঘডোকৰাত থকা বাঘডোকৰা বজাৰ, বিদ্যালয়, মন্দিৰ, মছজিদ নদীত জাহ গৈছে। গাৰোপাৰা–তামাৰহাট সংযোগী পথটো কেইবাঠাইতো উটুৱাই নিয়ে। হাতীধূৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত কামানডাঙ্গা গাঁও পঞ্চায়তৰ উক্ত গাঁওসমূহত গংগাধৰ নদীয়ে দুটা দশক ধৰি খহনীয়া অব্যাহত ৰাখিছে। ইতিমধ্যে জোংবান্দা গাঁও সম্পূৰ্ণৰূপে নদীত জাহ যোৱাত তিনিশ পৰিয়ালে পশ্চিম বংগৰ  ছীট ফলিমাৰীত আশ্ৰয় গ্ৰহণ কৰি আছে।

গাঁওকেইখনৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী নদীত জাহ যোৱাৰ উপৰি কেইবাখনো গাঁও নদীত জাহ যোৱাৰ উপক্ৰম হোৱাৰ পিছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ বা জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত হতাশাগ্ৰস্ত হৈ পৰিছে এই অঞ্চলৰ ৰাইজ।

বিধায়ক, সাংসদ,  জিলা প্ৰশাসন, পঞ্চায়ত প্ৰতিনিধি কোনোৱে বিগত দুটা দশকে গুৰুত্ব আৰোপ নকৰিলে এই অঞ্চলটোলৈ। স্থানীয় ৰাইজৰ দাবী, গংগাধৰ নদীত জলসম্পদ বিভাগ তথা চৰকাৰে বিজ্ঞানসন্মতভাৱে নদী বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ’লে বহুকেইখন গাঁও  নদীত জাহ যাব আৰু গাঁওসমূহ অসম মানচিত্ৰৰ পৰা হেৰাই যাব।
Published by: Sanjay Kumar Das
First published: September 18, 2020, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি