உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress: কংগ্ৰেছত অব্যাহত খহনীয়া, বৰপেটাত ১৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ বিভিন্ন পদবীৰ পৰা সমূহীয়া পদত্যাগ

    Congress: কংগ্ৰেছত অব্যাহত খহনীয়া, বৰপেটাত ১৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ বিভিন্ন পদবীৰ পৰা সমূহীয়া পদত্যাগ

    Congress: ১৭ মে'তেই পদত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল এইসকলে ৷ কিন্তু ১২ দিন অতিবাহিত হোৱাৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোনোধৰণৰ পদক্ষেপ লোৱা নাই

    Congress: ১৭ মে'তেই পদত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল এইসকলে ৷ কিন্তু ১২ দিন অতিবাহিত হোৱাৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোনোধৰণৰ পদক্ষেপ লোৱা নাই

    Congress: ১৭ মে'তেই পদত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল এইসকলে ৷ কিন্তু ১২ দিন অতিবাহিত হোৱাৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোনোধৰণৰ পদক্ষেপ লোৱা নাই

    • Share this:
    জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাক বঞ্চিত কৰি কনিষ্ঠ যুৱকক বৰপেটা জিলা কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়াত তীব্ৰ অসন্তুষ্টি তথা ক্ষোভ প্ৰকাশ কৰিছে বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা সকলে ৷ শনিবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত পদত্যাগী জ্যেষ্ঠ কংগ্ৰেছী নেতা সকলে ৰফিকুল হকক নতুন সভাপতি নিযুক্তি দিয়াৰ বিৰোধিতা কৰি সমূহীয়াকৈ পদত্যাগৰ কথা ঘোষণা কৰে।

    পদত্যাগী নেতাসকলে কয় যে বৰপেটা জিলা কংগ্ৰেছৰ কামকাজ সুচাৰুৰূপে পৰিচালনা হৈ থকাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পৰিৱৰ্তন কৰাৰ বাবে উঠিপৰি লাগিছিল ৷ তেনেক্ষেত্ৰত বৰপেটা জিলাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা সকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক  অনুৰোধ জনাইছিল- বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানক সলনি নকৰিলেও কাৰো আপত্তি নাই ৷ অগত্যা যদি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিজনক সলনি কৰেই তেন্তে জিলাৰ এজন জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাক জিলা কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে শীৰ্ষ নেতৃত্বক অনুৰোধ জনাইছিল ৷

    কিন্তু তেওঁলোকৰ অভিযোগ যে বৰপেটাৰ জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছীক উপেক্ষা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ সৈতে কমবয়সীয়া তথা অনভিজ্ঞ যুৱক ৰফিকুল হক ওৰফে ৰাজীৱ হকৰ লগত ব্যক্তিগত সুসম্পৰ্ক আৰু স্বজনপ্ৰীতি থকাৰ বাবেই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদত বহুৱাইছে বুলিও সংবাদমেলত উল্লেখ কৰে পদত্যাগী নেতা সকলে ৷

    বিগত ২০১১ চনৰ নিৰ্বাচনত সৰভোগৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছামাদ আহমেদৰ বিৰুদ্ধে অৱস্থান কৰি সেইসময়ত বি পি এফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ২০১৬ চনৰ নিৰ্বাচনত সৰভোগৰ কংগ্ৰেছ প্ৰাৰ্থী অনুৰূপা হান্নানৰ বিৰুদ্ধে অৱস্থান কৰি চি পি আই এম দলৰ প্ৰাৰ্থীক সহায় কৰিছিল আৰু বিগত সাধাৰণ নিৰ্বাচনতো সৰভোগৰ মহাজোটৰ প্ৰাৰ্থী চি পি আই এমৰ মনোৰঞ্জন তানুকদাৰৰ বিৰুদ্ধে অৱস্থান কৰি BJPক সহায় কৰা ৰফিকুল হক ওৰফে ৰাজীৱ হকক বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি দিয়াত বৰপেটা জিলা কংগ্ৰেছৰ ১৩ গৰাকীকৈ জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছী নেতাই তেওলোকৰ নিজ নিজ পদবীৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰা বুলি উল্লেখ কৰে ৷

    কংগ্ৰেছৰ বিভিন্ন পদৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰা জিলাৰ শীৰ্ষ কংগ্ৰেছী নেতা সকল ক্ৰমে আব্দুছ ছামাদ আহমেদ, হাচান শ্বহীদ, ছৰোৱাৰ উদ্দিন, জহুৰ উদ্দিন আহমেদ, মিজানুৰ ৰহমান, হৰিপদ মণ্ডল, আব্দুল জুব্বাৰ খান, ৰুস্তম আলী, শৈলেন্দ্ৰ নাথ পাঠক, ত্ৰৈলোক্য পাঠক, গুণজিৎ শৰ্মা, আমিৰুল ইছলাম খান, মণিৰুজ্জামান আদি ৷

    উল্লেখ্য যে  ১৭ মে'তেই পদত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল এইসকলে ৷ কিন্তু ১২ দিন অতিবাহিত হোৱাৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি উল্লেখ কৰি কয় ৰফিকুল হক ওৰফে ৰাজীৱ হকক বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা আতৰাই নিদিয়ালৈকে বৰপেটা জিলাৰ এইসকল কংগ্ৰেছী নেতাই কংগ্ৰেছ দলৰ দলীয় কামকাজত অংশ নলয় বুলিও সংবাদমেলত উল্লেখ কৰে ৷
    Published by:Manjumoni Borah
    First published: