
খহনীয়াৰ ফলতে মাথাউৰিটো নৈৰ বুকুত জাহ যাবলৈ ধৰিছে। যাৰ ফলতে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে গঞা ৰাইজে।
খহনীয়াৰ ফলতে মাথাউৰিটো নৈৰ বুকুত জাহ যাবলৈ ধৰিছে। যাৰ ফলতে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে গঞা ৰাইজে।
ৰাজ্যত এফালে বানৰ বিভীষিকা আন ফালে খহনীয়াই ধাৰন কৰিছে কালৰূপ। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত বৰাক নদীয়ে তাণ্ডব চলোৱাৰ সময়তে মধ্য হাইলাকান্দিৰ বিভিন্ন অঞ্চলত কাটাখাল নৈৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হাইলাকান্দি জিলাৰ মাজেৰে যোৱা এই কাটাখাল নৈৰ পানী এতিয়াও বিপদ সীমাৰ ১ মিটাৰ তলতে আছে। কিন্তু স্থানীয় মাটিজুৰি-পাইকান গাঁও পঞ্চায়তৰ বাঁশডহৰ প্ৰথম খণ্ড গাঁৱত এটা মথাউৰিত মেলিছে ফাট। খহনীয়াৰ ফলতে মাথাউৰিটো নৈৰ বুকুত জাহ যাবলৈ ধৰিছে। যাৰ ফলতে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে গঞা ৰাইজে।
প্ৰতিদিনে এই মথাউৰিৰ ওপৰত নিৰ্মিত পথেৰে গাঁওখনৰ প্ৰায় দুই হাজাৰ লোকে যাতায়াত কৰে। কিন্তু আচৰিত কথাটো হ’ল, স্থানীয় বিধায়ক জাকিৰ হুছেইন লস্কৰৰ বাসগৃহও এই একেই গাঁও পঞ্চায়ত এলেকাত থকাৰ পিছতো তেওঁ এবাৰো মথাউৰিটো পুনৰনিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। লগতে বিভাগীয় কৰ্তৃপক্ষও আছে কুম্ভকৰ্ণ নিদ্ৰাত। কিন্তু নৈৰ জলস্তৰ আৰু সামান্য বৃদ্ধি পালে এই এলেকাত এক অঘটন হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|