দুৰ্গা পূজাৰ পূৰ্বে চাকৰিয়াললৈ ভাল খবৰ!

শীঘ্ৰে চাকৰি কৰা লোকসকলৰ পি এফ একাউণ্টত সুদৰ ধন জমা হ’ব।

News18-Assam
Updated:September 17, 2019, 4:10 PM IST
দুৰ্গা পূজাৰ পূৰ্বে চাকৰিয়াললৈ ভাল খবৰ!
Photo : moneycontrol.com
News18-Assam
Updated: September 17, 2019, 4:10 PM IST
চাকৰি কৰা লোকসকললৈ এটা ভাল খবৰ। কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংগৱাৰৰ মতে, বিত্তীয় বৰ্ষ ২০১৮–১৯ৰ বাবে কৰ্মচাৰীসকলে লাভ কৰিব ৮.৬৫ শতাংশ সুদ। ইয়াৰ ফলত লাভান্বিত হ’ব দেশৰ ৬ কোটি চাকৰিয়াল। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ মতে, শীঘ্ৰে চাকৰি কৰা লোকসকলৰ পি এফ একাউণ্টত সুদৰ ধন জমা হ’ব। উল্লেখযোগ্য যে বিগত ছমাহ ধৰি পি এফৰ সুদৰ হাৰক লৈ সহমতত উপনীত হ’ব পৰা নাছিল। বিত্তীয় বৰ্ষ ২০১৭–১৮ত সুদৰ হাৰ ৮.৫৫ শতাংশ আছিল। অৰ্থাৎ এই বৰ্ষত এই সুদৰ হাৰ ০.১০ শতাংশ বৃদ্ধি পাইছে।

পিটিআইৰ মতে, EPFO–এ শীঘ্ৰে একাউণ্টধাৰীৰ একাউণ্টত সুদৰ হাৰৰ বৃহৎ ধনৰাশি ট্ৰান্সফাৰ কৰিব। উল্লেখযোগ্য যে ৮.৬৫ শতাংশ সুদৰ হাৰ চৰকাৰৰ অন্য সৰু জমা আঁচনিত উপলব্ধ সুদতকৈ অধিক। EPFOৰ ৬ কোটি সক্ৰিয় সদস্য আছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি