শিৱসাগৰত যোৱা ২৩ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা বিশাল জনসভাত সংঘটিত বিসঙ্গতিৰ ওপৰত আৰম্ভ হৈছে উচ্চ পৰ্যায়ৰ তদন্ত। উক্ত জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত ছাউণ্ড ছিষ্টেমত কিছু কাৰিকৰী বিসঙ্গতি হোৱাৰ লগতে যানজঁটৰ বাবে সভাস্থলীত উপস্থিত হ’ব পৰা নাছিল লক্ষাধিক লোক। বৰ্তমান এই তদন্তক কেন্দ্ৰ কৰি চৰ্চা আৰম্ভ হৈছে বিভিন্ন মহলত।
২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত ভূমিপট্টা প্ৰদানৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু এই সভাত দেখা দিছিল কিছু কাৰিকৰী বিজুতিয়ে। লগতে সভাস্থলীৰ বাহিৰৰ ৰাজপথত সৃষ্টি হৈছিল বহু দীঘলীয়া যানজঁটৰ। প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়োৱাৰ সময়তে ছাউণ্ড ছিষ্টেমত দেখা দিছিল কিছু কাৰিকৰী বিসঙ্গতিয়ে। সৃষ্টি হৈছিল এক অপ্ৰয়োজনীয় শব্দৰ। ইয়াৰ বাবে ভাষণ আগবঢ়াবলৈ গৈ কিছু বিৰক্ত হৈ ছাউণ্ড ছিষ্টেম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
কিছু মুহূৰ্তৰ বাবে সংঘটিত এই কাৰিকৰী বিসঙ্গতিক লৈ অস্বস্তিত পৰিছিল সকলো। প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়াক লৈ অপ্ৰস্তুত হৈ পৰিছিল চৰকাৰৰ বৰমুৰীয়াসকল। বহুবাৰ পৰীক্ষা কৰাৰ পিছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়োৱাৰ সময়তে কেনেদৰে এই কাৰিকৰী বিসঙ্গতি হ’বলৈ পালে তাক লৈ সচকিত হৈ পৰিছে এই অনুষ্ঠানৰ সৈতে জড়িত সকলো পক্ষ।
"এয়া এক কাৰিকৰী বিসঙ্গতি। কিন্তু বহুবাৰ পৰীক্ষা কৰাৰ পিছতো প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ সময়তে কেনেদৰে এই বিসঙ্গতিয়ে দেখা দিলে সেই সন্দৰ্ভত আমিও তদন্ত হোৱাটো বিচাৰিছো। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো আমাৰ বাবে এটা ডাঙৰ বিষয়। আমি সেই সময়ত অপ্ৰস্তুত হৈছিলো। এই ঘটনা আমাৰ বাবে অপ্ৰত্যাশিত আৰু অস্বস্তিকৰ আছিল, যদিও ই এক কাৰিকৰী বিসঙ্গতি আছিল।", সাংসদ কামাখ্যা প্ৰসাদ তাছাই এনেদৰে কয়।
ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই ঘটনাৰ তদন্ত বিচৰাৰ পিছত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত ইতিমধ্যে এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে। আনহাতে জানিব পৰা মতে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এজেন্সীৰ পৰাও এই সন্দৰ্ভত তদন্ত কৰা হৈছে। কেৱল এই কাৰিকৰী বিসঙ্গতিয়েই নহয়, উক্ত দিনা ৰাজপথত সৃষ্টি হোৱা বহু দীঘলীয়া ভয়ংকৰ যানজঁটৰ বাবে হাজাৰ হাজাৰ লোক অনুষ্ঠানত উপস্থিত হ’ব নোৱাৰিলে। এক পৰিকল্পিত ব্যৱস্থাৰে আগবঢ়াৰ পিছতো কেনেদৰে এই ভয়ংকৰ যানজঁটৰ সৃষ্টি হ’ল সেই সন্দৰ্ভতো ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
"মই ব্যক্তিগতভাৱে এই সন্দৰ্ভত তদন্ত কৰিবলৈ কৈছো। কাৰণ আমি এই অনুষ্ঠানৰ বাবে আগৰে পৰা কুচকাৱাজ কৰি আছিলো। তাৰ পিছতো এই অনুষ্ঠানত ইমান ভয়ংকৰ যানজঁট হোৱাটো নিশ্চয় ভাল কথা নহয়। ইতিমধ্যে এই সন্দৰ্ভতো তদন্ত কৰা হৈছে।", সাংসদ কামাখ্যা প্ৰসাদ তাছাই পুনৰ এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
এনেধৰণৰ বিশাল অনুষ্ঠানৰ আয়োজন কৰোতে ভৱিষ্যতে যাতে এনে বিসঙ্গতিসমূহৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে এই সন্দৰ্ভত অধিক গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। আনহাতে, জনসভাৰ আগনিশা হঠাৎ প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠান প্ৰায় এঘণ্টা আগুৱাই দিয়াত বহু লোক সভাস্থলীত উপস্থিত হ’বলৈ সক্ষম নহল বুলিও চৰ্চা চলিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|