মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Half Pant controversy : ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰা হাফ পেণ্ট বিতৰ্কৰ তদন্ত আৰম্ভ, তেজপুৰত ভুক্তভোগী আৰু অভিযুক্তৰ সাক্ষ্য ল'লে কমিটীয়ে

Half Pant controversy : ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰা হাফ পেণ্ট বিতৰ্কৰ তদন্ত আৰম্ভ, তেজপুৰত ভুক্তভোগী আৰু অভিযুক্তৰ সাক্ষ্য ল'লে কমিটীয়ে

News18 Assam | News18-Assam
Updated:September 19, 2021, 9:09 PM IST
Half Pant controversy : ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰা হাফ পেণ্ট বিতৰ্কৰ তদন্ত আৰম্ভ, তেজপুৰত ভুক্তভোগী আৰু অভিযুক্তৰ সাক্ষ্য ল'লে কমিটীয়ে
Half Pant controversy : দেওবাৰে তেজপুৰৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ তিনিজনীয়া কিমটীয়ে আৰম্ভ কৰে অনুসন্ধান৷ 

Half Pant controversy : দেওবাৰে তেজপুৰৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ তিনিজনীয়া কিমটীয়ে আৰম্ভ কৰে অনুসন্ধান৷ 

  • News18 Assam
  • Last Updated: September 19, 2021, 9:09 PM IST
  • Share this:
ৰাজ্য উত্তাল কৰি ৰখা হাফ পেণ্ট বিতৰ্ক (Half Pant controversy)ৰ দেওবাৰৰ পৰা আৰম্ভ হৈছে তদন্ত। অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাৰ সময়ত তেজপুৰ (Tezpur)ত সৃষ্টি হোৱা হাফ পেণ্ট বিতৰ্কৰ বিভাগীয় তদন্ত আজিৰ পৰা আৰম্ভ হৈছে।

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ ডীন ড° জয়ন্ত ডেকাৰ অধ্যক্ষতাত তিনিজনীয়া তদন্ত কমিটিয়ে দেওবাৰৰ পৰা আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। দেওবাৰে তেজপুৰৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ  কিমটীয়ে আৰম্ভ কৰে অনুসন্ধান৷

ইফালে নিজৰ স্থিতিত অটল আছে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীগৰাকী। ছাত্ৰীগৰাকীক বাধা প্ৰদান কৰা বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাত নিৰীক্ষকৰ দায়িত্ব থকা তিনি গৰাকী নিৰীক্ষককো সোধা-পোছা কৰা হয়। তদন্ত কমিটীৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিবলৈ আহি অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত পৰীক্ষাৰ নিৰীক্ষক ক্ৰমে গিৰিজানন্দ চৌধুৰী ফাৰ্মাচিউটিকেল চায়েঞ্চ (Girijananda Choudhury Pharmaceutical Science)ৰ জে এন প্ৰধানী, দীপাংকৰ শ‌ইকীয়া আৰু ৰেজাউল ইছলামৰ স্পষ্ট কথা- "পৰীক্ষা দিবলৈ বাধা দিছিলোঁ। কিন্তু ছাত্ৰী গৰাকীয়ে পৰীক্ষা দিছিল৷ বিশ্ববিদ্যালয়ৰ প্ৰচপেক্টটাচত স্পষ্ট ভাৱে সাজপাৰ সম্পৰ্কে উল্লেখ আছে"।

উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাৰ সময়ত হাফ পেণ্ট পিন্ধি অহাৰ বাবে পৰীক্ষা হলত পৰ্দা মেৰিয়াই অৱতীৰ্ণ হ'বলগা হৈছিল এগৰাকী ছাত্ৰী। তাৰ পিছতে এই বাতৰি ৰাজ্যত বনজুইৰ দৰে বিযপি পৰে। নিমিষতে ভাইৰেল পৰে সমগ্ৰ দৃশ্য। ইতিমধ্যে ছাত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীলৈকো পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিজনীয়া তদন্ত কমিটী (Enquiry Committee) গঠন কৰি দিয়ে। ১০ দিনৰ ভিতৰত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।
Published by: Manjumoni Borah
First published: September 19, 2021, 9:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি