• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত ভয়ংকৰ ঘটনা, চিনেমাৰ কায়দাৰে ৰাজপথতে চুৰিকাঘাত অভিযান্ত্ৰিক শিক্ষাৰ্থীক

যোৰহাটত ভয়ংকৰ ঘটনা, চিনেমাৰ কায়দাৰে ৰাজপথতে চুৰিকাঘাত অভিযান্ত্ৰিক শিক্ষাৰ্থীক

মঙলবাৰে নিশা প্ৰা‌য় ৯ বজাত জিষ্টৰ সমীপত ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

মঙলবাৰে নিশা প্ৰা‌য় ৯ বজাত জিষ্টৰ সমীপত ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

মঙলবাৰে নিশা প্ৰা‌য় ৯ বজাত জিষ্টৰ সমীপত ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

  • Share this:
যোৰহাটত ভয়ংকৰ ঘটনা। চিনেমাৰ ভিলেইনৰ কায়দাৰে ৰাজপথত চুৰিকাঘাত অভিযান্ত্ৰিক শিক্ষাৰ্থীক। যোৰহাট ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন'লজী চমুকৈ জিষ্টৰ তিনি শিক্ষাৰ্থীক আক্ৰমণ এখন গাড়ীত অহা তিনিজন যুৱকৰ।

মঙলবাৰে নিশা প্ৰা‌য় ৯ বজাত জিষ্টৰ সমীপত ৰাজপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি, তীব্ৰ বেগত চলাই যোৱা এখন গাড়ীয়ে ছাত্ৰকেইজনক খুন্দিয়াবলৈ লৈছিল। পথৰ কাষলৈ জঁপিয়াই নিজকে ৰক্ষা কৰা ছাত্ৰকেইজনে গাড়ীখনৰ নম্বৰ প্লেটৰ ফটো লৈছিল। ইয়াৰ পিছতে গাড়ীখন তীব্ৰ বেগত উভতি আহে যোৰহাট নগৰৰ দিশলৈ। কিন্তু কিছু মুহূৰ্ত্তৰ পিছতে পুনৰ উভতি আহি গাড়ীখনত অহা তিনিজন যুৱকে উপৰ্যুপৰি আক্ৰমণ কৰে ছাত্ৰকেইজনক।

জিষ্টৰ তিনিগৰাকী ছাত্ৰক চুৰিৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ছাত্ৰকেইজন। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰে জড়িত দুজন যুৱকক আটক কৰিছে যদিও মূল অভিযুক্ত যুৱকজন পলাই আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি