মুখ্যপৃষ্ঠা »খবৰ »অসম »Corruption in MGNREGA: এনেৰেগা আঁচনিত দুৰ্নীতি, হোজাইত যোগীজান উন্নয়ন খণ্ডৰ অভিযন্তাক নিলম্বন

Corruption in MGNREGA: এনেৰেগা আঁচনিত দুৰ্নীতি, হোজাইত যোগীজান উন্নয়ন খণ্ডৰ অভিযন্তাক নিলম্বন

কিছুদিন পূৰ্বে নিলম্বন কৰা হৈছিল যোগীজান ব্লকৰ ভাৰপ্ৰাপ্ত বিডিঅ' আৰু সম্পাদককো।

কিছুদিন পূৰ্বে নিলম্বন কৰা হৈছিল যোগীজান ব্লকৰ ভাৰপ্ৰাপ্ত বিডিঅ' আৰু সম্পাদককো।

  • Share this:
হোজাইত যোগীজান উন্নয়ন খণ্ডৰ অভিযন্তাক নিলম্বন। নিলম্বিত অভিযন্তাগৰাকী হৈছে গাইলিছন ক্ৰনিহাং। দুৰ্নীতিত জড়িত থকাৰ অভিযোগত তেওঁক নিলম্বন কৰা হৈছে (Suspension for Corruption in MGNREGA)।

ইয়াৰ লগতে গ্ৰাম ৰোজগাৰ  সহায়ক সুদীপ্ত মেধি আৰু সম্পাদক প্ৰদীপ শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কমিছনাৰ বিক্ৰম কৈৰীয়ে প্ৰেৰণ কৰিছে নিলম্বন আৰু কাৰন দৰ্শোৱাৰ নিৰ্দেশনা। যোগীজান উন্নয়ন খণ্ডৰ কান্দুলীমাৰী পঞ্চায়তত এনেৰেগা আঁচনিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য, কিছুদিন পূৰ্বে নিলম্বন কৰা হৈছিল যোগীজান ব্লকৰ ভাৰপ্ৰাপ্ত বিডিঅ' আৰু সম্পাদককো।

শেহতীয়া বাতৰি