உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ অভিযন্তা, এন অ' চিৰ নামত দুৰ্নীতি

    ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ অভিযন্তা, এন অ' চিৰ নামত দুৰ্নীতি

    অভিযন্তাজনৰ জামিনৰ বাবে আবেদন জনায় যদিও আদালতে জামিন আবেদন নাকচ কৰে।

    অভিযন্তাজনৰ জামিনৰ বাবে আবেদন জনায় যদিও আদালতে জামিন আবেদন নাকচ কৰে।

    অভিযন্তাজনৰ জামিনৰ বাবে আবেদন জনায় যদিও আদালতে জামিন আবেদন নাকচ কৰে।

    • Share this:

      এইবাৰ ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল অভিযন্তা। তেল ডিপোৰ এন অ' চি দিয়াৰ বাবে ধন লৈছিল অভিযন্তাজনে। এক ফোন ৰেকৰ্ডিঙত স্বীকাৰ কৰিছিল ধন লোৱাৰ কথা। অভিযন্তাজন হৈছে ৰঙিয়া লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰ ।


      ৰঙিয়া থানাৰ 1013/2021 গোচৰত 384/420/406/506/34 ধাৰাত গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক। আৰক্ষীয়ে অভিযন্তাজনক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰাই ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত।


      অভিযন্তাজনৰ জামিনৰ বাবে অধিবক্তাই আবেদন জনায় যদিও আদালতে জামিন আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ন্যায়িক জিম্মালৈ নিওঁতে অভিযন্তাজনে গাড়ীৰ ভিতৰত মুখ লুকুৱাবলৈ চেষ্টা কৰে। উল্লেখ্য যে  এজন লোকে অভিযন্তাজনৰ বিৰুদ্ধে গোচৰ তৰিছিল।

      Published by:Gautam Barman
      First published: