ধুবুৰীত এজন অভিযন্তা পলাতক, জিলা উপায়ুক্তৰ পত্ৰত ওলাল এই তথ্য

অভিযন্তাজন পলাতক হৈ থকাৰ ফলত বিপদত পৰিছে কাৰ্যালয়টোত কৰ্মৰত হৈ থকা ১৮জনকৈ কৰ্মচাৰী।
অভিযন্তাজন পলাতক হৈ থকাৰ ফলত বিপদত পৰিছে কাৰ্যালয়টোত কৰ্মৰত হৈ থকা ১৮জনকৈ কৰ্মচাৰী।
- News18 Assam
- Last Updated: July 12, 2020, 10:06 AM IST
ধুবুৰী জিলাত কৃষকৰ বাবে চৰকাৰী সুলভ মূল্যত আৰ আই ডি এফ আঁচনিৰ অধীনত পাৱাৰ পাম্প যোগান ধৰাৰ বাবে সিদ্ধান্ত লৈছিল। কৃষকসকলৰ খেতিপথাৰত পানী যোগান ধৰাৰ বাবে এই আঁচনি লোৱা হৈছিল আৰু উক্ত আচনীৰ অধীনত ৫৩৮টাকৈ মেচিনো যোগান ধৰা হৈছিল। পিছে এই মেচিন প্ৰকৃত কৃষকে পোৱাৰ সলনি মধ্যভোগীয়ে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উৎথাপিত হোৱাৰ পিছত লাগিল কেনা। ভুক্তভোগী কৃষকে জিলাখনৰ গৌৰীপুৰ আৰক্ষী থানাত ২১৭/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰিলে আৰু তাৰ পিছৰ পৰাই পলাল দায়িত্বত থকা অভিযন্তা।
ধুবুৰী জিলাৰ গৌৰীপুৰ কৃষি অভিযান্ত্ৰিক সংমণ্ডলৰ মুৰব্বী বিষয়া তথা অভিযন্তা ৰেকিব আহমেদ উক্ত পাৱাৰ পাম্প বিতৰণত খেলিমেলিত প্ৰত্যক্ষভাৱে সাঙোৰ খোৱাৰ পিছৰে পৰা পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁৰ কাৰ্যালয়, ভাড়াঘৰ তথা গুৱাহাটীৰ বাসগৃহত তালাচী চলাইয়ো বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

অভিযন্তাজন পলাতক হৈ থকাৰ ফলত বিপদত পৰিছে কাৰ্যালয়টোত কৰ্মৰত হৈ থকা ১৮জনকৈ কৰ্মচাৰী। কাৰণ বিগত দুমাহে মুৰব্বী বিষয়াৰ পলায়নৰ ফলত প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হ’বলগা হৈছে কৰ্মচাৰীসকল।
ফলস্বৰূপে ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এক নিৰ্দেশযোগে অভিযন্তা ৰেকিব আহমেদক পলাতক ঘোষণা কৰি জিলা কৃষি বিষয়া হবিবুল হকক কাৰ্যালয়টোৰ অতিৰিক্ত দায়িত্ব ল’বলৈ এক নিৰ্দেশনা জাৰি কৰিছে।