உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • River Dolphin: পহুমাৰা নদীত উদ্ধাৰ মৃত দূষ্প্ৰাপ্য শিহু

    River Dolphin: পহুমাৰা নদীত উদ্ধাৰ মৃত দূষ্প্ৰাপ্য শিহু

    River Dolphin: দূষ্প্ৰাপ্য প্ৰাণী হিচাপে চিহ্নিত ৰিভাৰ ডলফিন অথবা শিহুৰ প্ৰতি নামি আহিছে সংকট ৷

    River Dolphin: দূষ্প্ৰাপ্য প্ৰাণী হিচাপে চিহ্নিত ৰিভাৰ ডলফিন অথবা শিহুৰ প্ৰতি নামি আহিছে সংকট ৷

    River Dolphin: দূষ্প্ৰাপ্য প্ৰাণী হিচাপে চিহ্নিত ৰিভাৰ ডলফিন অথবা শিহুৰ প্ৰতি নামি আহিছে সংকট ৷

    • Share this:
    দূষ্প্ৰাপ্য প্ৰাণী হিচাপে চিহ্নিত ৰিভাৰ ডলফিন (River Dolphin) অথবা শিহুৰ প্ৰতি নামি আহিছে সংকট ৷ ব্ৰহ্মপুত্ৰ (Brahmaputra), নখান্দা, পহুমাৰা আদি নৈত ক্ৰমাৎ শিহুৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাই অহাৰ সময়তে আজি পহুমাৰা নৈত উদ্ধাৰ হৈছে এটা মৃত শিহু (River Dolphin Dead) ৷ বৰপেটা (Barpeta)ৰ সৰুক্ষেত্ৰী সমষ্টিৰ পহুমাৰা নৈৰ পানীমৰিচা গাঁৱত মৃত শিহুটো উদ্ধাৰ কৰে স্থানীয় লোকে ৷ পিছত আৰণ্যক নামৰ প্ৰকৃতিপ্ৰেমী সংস্থাটোৰ সহযোগত স্থানীয় লোকে বনবিভাগক চমজাই দিয়ে মৃত শিহুটো ৷

    প্ৰায় ৭০ কিলোগ্ৰাম ওজনৰ মতা শিহুটো উদ্ধাৰক লৈ বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমীৰ মাজত চাঞ্চল্য ৷ ইপিনে মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ত কৰ্মৰত পশু বিশেষজ্ঞই মৃত শিহুটোৰ মৰণোত্তৰ পৰীক্ষা চলাই শিহুটো মাছমৰীয়াৰ জালত লাগি মৃত্যু হোৱাৰ  সন্দেহ প্ৰকাশ কৰিছে ৷

    উল্লেখ্য যে এসময়ত ব্ৰহ্মপুত্ৰকে মুখ্য কৰি বৰপেটাৰ নখান্দা, বেকী, পহুমাৰা, চাউলখোৱা আদি নৈত ব্যাপকভাৱে শিহু পোৱা গৈছিল যদিও সম্প্ৰতি জিলাখনত শিহুৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে ৷ শেহতীয়াভাৱে নখান্দা নৈত কিছু পৰিমাণে শিহু দেখা পোৱা গৈছিল যদিও এনেদৰে মৃত শিহু উদ্ধাৰে বনবিভাগক উদ্বিগ্ন কৰি তুলিছে ৷
    Published by:Manjumoni Borah
    First published: