চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত মথুৰাপুৰৰ দেওধাই গাঁওৰ বিপুল বৰুৱা ঘৰত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়। গাঁওখনৰ কাষৰীয়া চলা সংৰক্ষিত বনাঞ্চলৰ পৰা জনবসতি অঞ্চললৈ ওলাই অহাৰ সন্দেহ কৰা হৈছে বান্দৰটো।
চৰাইদেউ জিলাৰ চলা গ্ৰাম্য অভয়াৰণ্যত সোণাৰী আঞ্চলিক বন বিষয়া, চলা মণ্ডল বন বিষয়া আৰু চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণ ছ'চাইটীৰ সহযোগত পুনৰ সম্পূৰ্ণ সুস্থ অৱস্থাত অভয়াৰণ্যত এৰি দিয়া হয় লাজুকী বান্দৰটো।
ঘূৰণীয়া মূৰ, সমতল মুখমণ্ডল, বৃহৎ চকু, ক্ষুদ্ৰাকৃতিৰ কাণ তথা নোমাল দেহ ইয়াৰ দেহৰ প্ৰধান বৈশিষ্ট্য। লাজুকী বান্দৰ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত। ২০০৮ চনৰ আই.ইউ. চি. এন (IUCN)ৰ ৰেড ডাটা লিষ্টত লাজুকী বান্দৰক "বিলুপ্তপ্ৰায়" (Vulnerable) প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে।
উল্লেখ্য যে চলা সংৰক্ষিত বনাঞ্চলক চলা গ্ৰাম্য অভয়াৰণ্যৰ ৰূপ দিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণ ছ'চাইটীৰ জৰিয়তে এই অভয়াৰণ্য দাঁতিকাষৰীয়া গাঁৱৰ লোকসকলে।
ইতিমধ্যে এই অভয়াৰণ্যত বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য জন্তু, কীট–পতংগ, পখিলা,পখি আদি থকাৰ কথা জানিব পৰা গৈছে। চৰকাৰৰ কিছু উপযোগী সহায় আৰু বলিষ্ঠ পদক্ষেপে এই অঞ্চলত বন্যপ্ৰাণীৰ বাবে অনুকূল ঠাইলৈ ৰূপান্তৰিত যে কৰিব সেইটো নিশ্চিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|