உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াত এছ এছ বিৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ পষেকজোৰা কাৰ্যসূচীৰ অন্ত

    ৰঙিয়াত এছ এছ বিৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ পষেকজোৰা কাৰ্যসূচীৰ অন্ত

    ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাইপ বেণ্ডটোৱে বাদ্য বজাই গৈ সৃষ্টি কৰে দৃষ্টিনন্দন পৰিৱেশ।

    ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাইপ বেণ্ডটোৱে বাদ্য বজাই গৈ সৃষ্টি কৰে দৃষ্টিনন্দন পৰিৱেশ।

    ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাইপ বেণ্ডটোৱে বাদ্য বজাই গৈ সৃষ্টি কৰে দৃষ্টিনন্দন পৰিৱেশ।

    • Share this:

      ৰঙিয়া এছ এছ বিয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ পষেকজোৰা কাৰ্য‍সূচীৰ অন্ত পেলালে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিৱস উপলক্ষে আয়োজন কৰা পোন্ধৰদিনীয়া কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচীত ৰঙিয়াৰ মৰাণজানাস্থিত এছ এছ বি মুখ‍্য কাৰ্যালয়ৰ ফালৰ পৰা ৰঙিয়াৰ মাজেৰে এক ৰেলী উলিওৱা হয় ।


      এই ৰেলীটোত এছ এছ বিৰ জোৱানসকলৰ লগতে বাহিনীটোৰ পাইপ বেণ্ডটোৱেও অংশগ্ৰহণ কৰে। ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাইপ বেণ্ডটোৱে বাদ্য বজাই গৈ সৃষ্টি কৰা দৃষ্টিনন্দন পৰিৱেশে ৰাইজক আপ্লুত কৰে।


      সকলোৱে এখন্তেক ৰৈ দলটোৰ কাৰুকাৰ্য‍ প্ৰত‍্যক্ষ কৰি উৎফুল্লিত হৈ পৰে । এই ৰেলীটোৰ জৰিয়তে এছ এছ বিয়ে সমাজৰ মাজত একতাৰ বাৰ্তা দিবলৈ চেষ্টা কৰি দেশৰ প্ৰতি চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদান সম্পৰ্কে ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰে।

      Published by:Gautam Barman
      First published: