উপন্যাসসম্ৰাট ৰজনীকান্ত বৰদলৈৰ স্মৃতি বিজড়িত এক ঐতিহাসিক স্থান ৷ বৰ্তমানৰ বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ হালাপাকুৰি গাঁৱত সেই সময়ৰ বৃটিছ চৰকাৰে স্থাপন কৰা এটা ঐতিহাসিক ডাকবঙলাত বহি মাটিৰ হাকিম ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল তেওঁৰ দ্বিতীয়খন উপন্যাস 'মনোমতী' ৷
বৰপেটাৰ হাউলী অঞ্চল শাসন কৰা কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজত্ব আৰু মানৰ অসম আক্ৰমণক লৈ ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল বুৰঞ্জী নিৰ্ভৰ উপন্যাস মনোমতী ৷ পিছে বৃটিছে নিৰ্মাণ কৰা যিটো ডাক বঙলাত ৰজনীকান্ত বৰদলৈয়ে মনোমতী উপন্যাস ৰচনা কৰিছিল সেই স্থান আজি অনাদৃত, পৰিত্যক্ত ৷
ৰজাঘৰৰ অনাদৰ–অৱহেলাত বৃটিছৰ ডাক বঙলাটো নিশ্চিহ্ন হৈ গৈছে ৷ ৰজনীকান্ত বৰদলৈয়ে বাস কৰা বৃটিছৰ ডাক বঙলাটোৰ এতিয়া কোনো চিন–মোকাম নাই যদিও বৃটিছৰ দিনতে নিৰ্মাণ কৰা দুুই এটা ঘৰে এতিয়াও ডাক বঙলাটোৰ স্মৃতি সজীৱ কৰি ৰাখিছে ৷
সংৰক্ষণৰ অভাৱত বৃটিছৰ ডাক বঙলাটো নিশ্চিহ্ন হৈ যোৱাৰ পিছত সম্প্ৰতি ঐতিহাসিক ডাকবঙলাৰ মাটিত চলিছে ব্যাপক বেদখল৷ ১৯৯৭ চনৰ বৰভূঁইকঁপৰ পূৰ্বে ৰজনীকান্ত বৰদলৈয়ে হাউলীৰ হালাপাকুৰি গাঁৱৰ বৃটিছৰ ডাকবঙলাত থাকি মানৰ আক্ৰমণৰ সময়ত নামনি অসমত চলা মান সেনাৰ অত্যাচাৰ–উৎপীড়ন আৰু হাউলীত ৰাজহাউলী পাতি ৰাজকাৰ্য চলাই থকা কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজত্বৰ কাহিনী মনোমতীৰ পাতত ৰচনা কৰি অসমীয়া জাতিক উজ্জীৱিত কৰি গৈছে ৷
পিছে উপন্যাসসম্ৰাটৰ স্মৃতিবিজড়িত 'মনোমতী' উপন্যাসখন ৰচনা কৰা ঐতিহাসিক ডাকবঙলাতো চৰকাৰৰ অনাদৰ–অৱহেলাত চিৰদিনৰ বাবে নিশ্চিহ্ন হৈ যোৱাত ক্ষুব্ধ, বিমৰ্ষ হাউলীৰ স্থানীয় লোক ৷ হাউলী অঞ্চলৰ ৰাইজৰ দাবী- কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ বীৰগাথাক মহীয়ান কৰি তোলাৰ লগতে 'মনোমতী' উপন্যাস ৰচনা কৰা ৰজনীকান্ত বৰদলৈৰ স্মৃতিবিজড়িত বৃটিছৰ ডাকবঙলা থকা ঠাইখিনি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|