মুখ্যপৃষ্ঠা »খবৰ »অসম »সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰৰ বেদখল, কি ব্যৱস্থা ল'ব যোৰহাট জিলা প্ৰশাসনে?

সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰৰ বেদখল, কি ব্যৱস্থা ল'ব যোৰহাট জিলা প্ৰশাসনে?

" মুখ্যমন্ত্ৰীক বিষয়টো সঠিক ভাবে অৱগত কৰোৱা হোৱা নাই "

" মুখ্যমন্ত্ৰীক বিষয়টো সঠিক ভাবে অৱগত কৰোৱা হোৱা নাই "

  • Share this:
চূড়ান্ত অসন্মান প্ৰদৰ্শন কৰি যোৰহাটত সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰ বেদখল কৰি ইয়াৰ চিনমোকাম নোহোৱা কৰি পেলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই মাটি বায়ুসেনা বাহিনীয়ে অধিগ্ৰহণ কৰা নাই তথা ইয়াৰ সৈতে আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ো জড়িত হৈ থকা নাই বুলি স্পষ্ট কৰিছে যোৰহাট জিলা সাহিত্য সভাই। আনহাতে, শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী উৎথাপন কৰিছে সাহিত্য সভাৰ লগতে অন্যান্য দল-সংগঠনে।

সাহিত্য জগতৰ ধ্ৰুৱতৰা সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰৰ মাটিৰ চিনমোকাম নাইকীয়া কৰি ভাৰতীয় বায়ুসেনা বাহিনীয়ে অবৈধভাৱে দখল কৰা ঘটনাৰ বাতৰি পোহৰলৈ আনিছিল News18-এ। অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি, ‘ধূলিকণা মই’ শীৰ্ষক কবিতাৰে অসমৰ অসংখ্য লোকৰ মন মগজুত আজিও সাঁচ বহুৱাই ৰাখিবলৈ সক্ষম হোৱা বিশিষ্ট সাহিত্যিকগৰাকীৰ সমাধি ক্ষেত্ৰৰ মাটি পকী দেৱাল দি বায়ুসেনা বাহিনীয়ে নিজৰ এলেকাত সুমুৱাই লোৱা ঘটনাই বিদ্ব্যৎ সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

যোৰহাটৰ একাংশ সচেতন লোকে এই ক্ষেত্ৰত জিলা প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী জনাই অহাৰ পিছতো জিলা প্ৰশাসনে বিষয়টোত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। আনহাতে, এই মাটি বায়ুসেনা বাহিনীয়ে অধিগ্ৰহণ কৰা নাই তথা ইয়াৰ সৈতে আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ো জড়িত নহয় বুলি জানিবলৈ দিছে যোৰহাট জিলা সাহিত্য সভাই।

"এই সমাধিক্ষেত্ৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ পুৰণা দেৱালখনৰ বাহিৰত আছিল। এই মাটিখিনি বায়ুসেনা বাহিনীয়ে অধিগ্ৰহণ কৰা নাই আৰু ইয়াৰ সৈতে দেশৰ নিৰাপত্তাৰ বিষয়টোৰ কথাও নাহে। মুখ্যমন্ত্ৰীক বিষয়টো সঠিকভাৱে অৱগত কৰোৱা হোৱা নাই। আমি শীঘ্ৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক লগ কৰি বিষয়টো জনাম। এই সমাধিক্ষেত্ৰ আমি সংৰক্ষণ কৰিবই লাগিব।", যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বায়ুসেনা বাহিনীৰ পকী দেৱাল নিৰ্মাণ কৰা ঠিকাদাৰৰ স্বাৰ্থৰ বাবেই এই বেদখলৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীক এই ঘটনাৰ প্ৰকৃত কথাখিনি অৱগত কৰোৱা হোৱা নাই বুলি মন্তব্য কৰিছে বিদ্ব্যৎ সমাজে। এই সমাধিস্থলত চলা বেদখল প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকল। শীঘ্ৰে যোৰহাট জিলা প্ৰশাসন আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে এজেৱাইচিপিয়ে।

যোৰহাট জিলা প্ৰশাসনে সকলো জনাৰ পিছতো সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱাৰ সমাধিক্ষেত্ৰলৈ উচিত সন্মান প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱাটোৱে সমগ্ৰ যোৰহাটৰ সাংস্কৃতিক অনুভূতিত আঘাত হনা বুলি মন্তব্য কৰিছে যোৰহাটৰ বিধায়কৰ লগতে আন বহুজনে। আনহাতে শেহতীয়াকৈ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এক সিদ্ধান্তত উপনীত হ’বলৈ যোৰহাটৰ উপায়ুক্তৰ সৈতে সাহিত্য সভা তথা সমাধিক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ এক বৈঠক অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা লোৱা হৈছে বুলি জানিবলৈ দিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

শেহতীয়া বাতৰি