Encounter : কাৰ্বি আংলঙত নিহত হোৱা KDLFৰ চেয়াৰমেন জেকচন ৰংহাং বিভিন্ন সময়ত অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে।
শুকুৰবাৰে পুৱতি নিশা কাৰ্বি আংলং আৰক্ষী আৰু কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠন KDLFৰ মাজত সংঘৰ্ষ (Encounter)ৰ সূত্ৰপাত হয়। কাৰ্বি আংলঙৰ ৰংমংৱেৰ বিবিয়া ক্ৰ' গাঁৱত সংঘটিত হোৱা সংঘৰ্ষত KDLF উগ্ৰপন্থী সংগঠনৰ চেয়াৰমেন জেকচন ৰংহাং নিহত হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু গুলী উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে বহু অপত্তিজনক সামগ্ৰী।
বোকাজান মহকুমা আৰক্ষী (Bokajan Police) বিষয়াই জনোৱা মতে ১১ ডিচেম্বৰত ৰংমংৱেত দলং নিৰ্মাণৰ কামত জড়িত কোম্পানীৰ এজন শ্রমিকক অপহৰণ কৰিছিল KDLF উগ্ৰপন্থীয়ে ৷ য'ত নেতৃত্ব দিছিল মৃত জেকচন ৰংহাঙে। যোৱা ১৫ ডিচেম্বৰ তাৰিখে অপহৃত শ্ৰমিকজনক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছৰ পৰাই জেকচন ৰংহাঙক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। আজি পুৱতী নিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলৰ লগত হোৱা সংঘৰ্ষত নিহত হয় জেকচন।
সংঘৰ্ষৰ সময়ত উগ্ৰপন্থীৰ দলটোত আছিল চাৰি-পাঁচ জন সদস্য। আন্ধাৰৰ সুযোগলৈ পলাই যায় আনকেইটা উগ্ৰপন্থী। উল্লেখ্য যে গুলীয়াগুলীত নিহত হোৱা KDLFৰ চেয়াৰমেন জেকচন ৰংহাং বিভিন্ন সময়ত অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|