ৰাজ্যত পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনাৰ ঘটনা। এইবাৰ গোলাঘাটৰ দেৰগাঁও আৰক্ষীয়ে অপৰাধীক লক্ষ্য কৰিলে গুলীচালনা। বনগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে এই ঘটনা। যোৱা নিশা বনগাঁৱত দুৰ্ধৰ্ষ ডকাইত অকনি দাসক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা৷
উল্লেখযোগ্য যে দেৰগাঁও আৰক্ষীয়ে নিশা নগাঁৱৰ পৰা চুৰি কৰা মূল্যৱান সা-সমগ্ৰী, আ-অলংকাৰ উদ্ধাৰ কৰি আনি থকা অৱস্থাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বনগাঁৱত অকনি দাস নামৰ ডকাইতটোৱে প্ৰস্ৰাৱ কৰিবলৈ বুলি নমাৰ পিছতেই আৰক্ষী জোৱান নিপুল বৰুৱাক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে। ফলত আৰক্ষীয়ে অকনি দাসৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে।
আৰক্ষীৰ গুলীত অকনি দাস আহত হয় আৰু লগে লগে আৰক্ষীৰ বাহনতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইফালে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ জোৱান নিপুল বৰুৱা৷
ইফালে নিশা সংঘটিত গুলীচালনাৰ স্থলীত পুৱা গোলাঘাট জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰা নাই। বৰ্তমান দুৰ্ধৰ্ষ ডকাইত অকনি দাস চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 13, 2023, 09:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।