• Home
  • »
  • News
  • »
  • assam
  • »
  • Encounter in Dhubri: ধুবুৰীত পুনৰ চলিল আৰক্ষীৰ গুলী, ধৰাসায়ী গো সৰবৰাহকাৰী

Encounter in Dhubri: ধুবুৰীত পুনৰ চলিল আৰক্ষীৰ গুলী, ধৰাসায়ী গো সৰবৰাহকাৰী

Encounter : ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষী আৰু গৰু সৰবৰাহকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। 

Encounter : ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষী আৰু গৰু সৰবৰাহকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। 

Encounter : ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষী আৰু গৰু সৰবৰাহকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। 

  • Share this:
ধুবুৰীত পুনৰ চলিল আৰক্ষীৰ গুলী। ৰাজ্যত এটাৰ পিছত আনটোকৈ এনকাউণ্টাৰ অসম আৰক্ষীৰ। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামত গৰু সৰবৰাহকাৰী আৰু আৰক্ষীৰ মাজত পুৱা সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰামৰ পৰা নয়াহাট অভিমুখে‌ AS-17-E-0837 নম্বৰৰ টাটা ইণ্ডিগো গাড়ী এখনেৰে চোৰাং গৰু আৰু ড্ৰাগছ সৰবৰাহৰ গোপন খবৰ লাভ কৰিছিল বিলাসীপাৰা মহকুমা আৰক্ষীয়ে ।  সাপটগ্ৰাম আৰক্ষী আৰু নয়াহাট আৰক্ষীয়ে গাড়ীখন বিচাৰি যৌথ অভিযান চলাই ভেলাকোৱাত এম্বুছ লগায় ।

নয়াহাট আৰু সাপটগ্ৰাম আৰক্ষীৰ সীমান্তবৰ্তী অঞ্চল ভেৰভেৰিত নয়াহাট আৰক্ষীয়ে গাড়ীখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও গাড়ীখন নৰখাই ওলোটাই প্ৰথমে নয়াহাট আৰক্ষীৰ বাহনত খুন্দা মাৰে তাৰ পিছতেই আৰক্ষী লৈ লক্ষ্য কৰি গুলীচালনা কৰে গৰু সৰবৰাহকাৰীৰ দলটোৱে। আৰক্ষীয়ে গাড়ীখনক খেদি গৈ উপায়ন্তৰ হৈ গৰু সৰবৰাহকাৰী লৈ লক্ষ্য কৰি গুলীচালনা কৰে। উক্ত ঘটনাত ছানোৱাৰ আলী আৰু নাছিৰ উদ্দিন নামৰ দুজন গো সৰবৰাহকাৰীৰ শৰীৰত গুলী লাগে।

গুলীয়াগুলীত ঘটনাস্থলীতে  আৰক্ষীৰ গুলীত নিহত হয় ছানোৱাৰ আলী ওৰফে ছাকান্দ ওৰফে গেদা। আনহাতে নাছিৰ উদ্দিনক  গুলী বিদ্ধ অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে। আনহতে  ছাইদুল আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা স্থলীৰ পৰা আন এজন গো সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।  ঘটনা স্থলীৰ পৰা বিলাসীপাৰা মহকুমা  আৰক্ষীয়ে এটা পিষ্টল আৰু নিচাজাতীয় কফ চিৰাপ জব্দ কৰে বুলি মন্তব্য কৰে বিলাসীপাৰা মহকুমা‌ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ইতিমধ্যে নিহত ছাকান্দ ওৰফে  গেদাক মৰোণোত্তৰ পৰীক্ষাৰ বাবে  ধুবুৰী অসামৰিক প্ৰেৰণ কৰাৰ লগতে গুলীবিদ্ধ নাছিৰ উদ্দিনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে গো সৰবৰাহকাৰী ছাইদুল আলী আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি