உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Encounter in Bongaigaon : বঙাইগাঁৱত এনকাউন্টাৰ, গাড়ীৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰী আহত

    Encounter in Bongaigaon : বঙাইগাঁৱত এনকাউন্টাৰ, গাড়ীৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰী আহত

    আৰক্ষী উপ পৰিদৰ্শক সুকেচ  ঘোষ আৰু কনিষ্টবল হিৰেন দাস আহত হয় এই ঘটনাত ৷

    আৰক্ষী উপ পৰিদৰ্শক সুকেচ  ঘোষ আৰু কনিষ্টবল হিৰেন দাস আহত হয় এই ঘটনাত ৷

    আৰক্ষী উপ পৰিদৰ্শক সুকেচ  ঘোষ আৰু কনিষ্টবল হিৰেন দাস আহত হয় এই ঘটনাত ৷

    • Share this:
    ৰাজ্যত ধাৰাবাহিক এনকাউণ্টাৰ অব্যাহত থকা সময়তে বঙাইগাঁৱত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ পেডলাৰ ৷ বঙাইগাঁৱৰ মাজগাঁৱত সংঘটিত হয় এই ঘটনাত আহত ড্ৰাগছ পেডলাৰজন (Drugs Paddler) মহম্মদ হুছেইন বুলি জানিব পৰা গৈছে।  আৰক্ষীৰ বাহনৰ পৰা জঁঁপিয়াই পলায়নৰ চেষ্টা কৰা সময়ত সংঘটিত হয় এই ঘটনা ৷

    আনহাতে ড্ৰাগছ পেডলাৰৰ আক্ৰমণত আহত হৈছে আৰক্ষীৰ দুজনকৈ লোক ৷ শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ হুছেইনক ৷ প্ৰায় ২২ গ্ৰাম ড্ৰাগছসহ আৰক্ষীয়ে মহম্মদ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল। ধৃত মহম্মদ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোগীঘোপাত ড্ৰাগছ বিৰোধী অভিযান চলাই উভতি অহৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ আৰক্ষীৰ (Encounter in Bongaigaon) ৷

    উত্তৰ শালমাৰা-বঙাইগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰে আহি থকা সময়তে আদবাটত  বাহনৰ পৰা মহম্মদ হুছেইনে পলায়নৰ চেষ্টা চলোৱাত  আৰক্ষীয়ে দুই জাঁই গুলি চলাবলগীয়া হয়। আনহাতে  আৰক্ষী উপ পৰিদৰ্শক সুকেচ  ঘোষ আৰু কনিষ্টবল হিৰেন দাস আহত হয় ঘটনাত ৷ আহত কেউজনকে বঙাইগাঁও চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ড্ৰাগছ ব্যৱসায়ীজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

    উল্লেখ্য, ধুবুৰীৰ মহম্মদ হুছেইনক ইয়াৰ পূৰ্বেও বঙাইগাঁও আৰক্ষীয়ে  কৰায়ত্ত কৰিছিল ৷
    Published by:Gautam Barman
    First published: