• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Encounter : পুনৰ এনকাউণ্টাৰ, এইবাৰ চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

Assam Encounter : পুনৰ এনকাউণ্টাৰ, এইবাৰ চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে বিনয় দাসলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে বিনয় দাসলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে বিনয় দাসলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

  • Share this:
কোকৰাঝাৰত পুনৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে চিলনী চোৰক। চিলনী চোৰটোৰ নাম বিনয় দাস। বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা বিনয় দাস।

ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুটি নিয়া চিলনী চোৰক এনকাউণ্টাৰ কোকৰাঝাৰ আৰক্ষীৰ।যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা এজন ঠিকাদাৰৰ পৰা এই চোৰটোৱে লুটি নিছিল ৬ লাখ টকা। গুৱাহাটী আৰু বৰ্ণিহাটৰ পৰাও টকা লুট কৰিছিল চিলনী চোৰটোৱে। বৰ্ণিহাটত খেদি খেদি সাধাৰণ জনতাই কৰায়ত্ত কৰিছিল চিলনী চোৰটোক।

চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীৰ পৰা গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে লৈ আনে আৰু পাণবজাৰ আৰক্ষী থানাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে কোকৰাঝাৰলৈ নিছিল।

বালাজান তিনিআলি-কাৰিগাঁও পথত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। লুটি নিয়া টকাৰ খালী বেগটো উদ্ধাৰ হৈছে বালাজান তিনিআলি পথত।

উল্লেখযোগ্য যে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে বিনয় দাসলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। ভৰিত গুলী লগা চোৰ বিনয় দাসক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে, এই এনকাউণ্টাৰৰ ঘটনাৰ পিছতে কোকৰাঝাৰ আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিলে ভুক্তভোগী ঠিকাদাৰ বব্ৰুবাহন ব্ৰহ্মই। লুটি নিয়া সম্পূৰ্ণ ৬ লাখ টকাসহ নথি–পত্ৰ ঘূৰাই পাব বুলি আশা প্ৰকাশ কৰিছে ঠিকাদাৰগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: