ভাৰত চৰকাৰৰ যোৰহাটস্থিত কেন্দ্ৰীয় এৰি মূগা গৱেষণা প্ৰতিষ্ঠানত সমাহাৰ ঘটিছে দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ।
ভাৰত চৰকাৰৰ যোৰহাটস্থিত কেন্দ্ৰীয় এৰি মূগা গৱেষণা প্ৰতিষ্ঠানত সমাহাৰ ঘটিছে দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ।
ভাৰত চৰকাৰৰ যোৰহাটস্থিত কেন্দ্ৰীয় এৰি মূগা গৱেষণা প্ৰতিষ্ঠানত সমাহাৰ ঘটিছে দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ। প্ৰতিষ্ঠানটোত কৰ্মৰত গৱেষক বিজ্ঞানীসকলৰ পৰা আৰম্ভ কৰি সকলো বিষয়া-কৰ্মচাৰী কাৰ্যালয়লৈ অহা পৰিলক্ষিত হ'ল পৰম্পৰাগত সাজপাৰ পৰিধান কৰি। চুৰীয়া-পাঞ্জাৱী পিন্ধি, কান্ধত অসমীয়াৰ স্বাভিমান স্বৰূপ গামোচাখন লৈ নিজ কাৰ্যালয় কক্ষত গৱেষণামূলক কামত ব্যস্ত হৈ পৰিছে প্ৰতিষ্ঠানটোৰ অসমীয়া কৰ্মচাৰীসকল। সেইদৰে দক্ষিণ ভাৰতৰ গৱেষক বিজ্ঞানী কাৰ্যালয়লৈ আহিছে নিজৰ জাতীয় সাজ পৰিধান কৰি।
এয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সাজপোচাক পৰিধানৰ দিশত নতুন নিৰ্দেশনা নহয়। বৃটিছ শাসনৰ বাঘজৰী উফৰাই দেশক স্বাধীন কৰা স্বনামধন্য স্বাধীনতা সেনানীসকললৈ শ্ৰদ্ধাঞ্জলি জনাই একতাৰ বাৰ্তা বিলাই এনেদৰে প্ৰতিষ্ঠানটোৰ সকলো বিষয়ববীয়াই এদিনৰ কাৰণে পৰিধান কৰিলে নিজ নিজ পৰম্পৰাগত সাজপাৰ।
দেশৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰৰ প্ৰাকক্ষণত বীৰ শ্বহীদক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা আজাদী কা অমৃত মহোৎসৱ সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰে বিশ্বৰ বৃহত্তম গৱেষণা প্ৰতিষ্ঠানটোৱে। কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, উত্তৰ পূৱ ভাৰত, দক্ষিণ ভাৰতৰ ভিন্ন স্থানৰ গৱেষক কৰ্মৰত এই গৱেষণা প্ৰতিষ্ঠানত।আৰু সেই অনুসৰিয়েই প্ৰতিজন ভাৰতীয়ৰ মাজত ভাতৃত্ববোধৰ প্ৰতীকী হিচাপে লৈ একতা আৰু সম্প্ৰীতিৰ বাৰ্তা বিলাই এনেদৰে জাতীয় সাজপোচাক পৰিধান কৰিলে সকলোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|